কোকোৰাঝাৰ,  ১ জুনঃ দৰিদ্ৰতা সীমা ৰেখাৰ তলত বসবাস কৰা কোকোৰাঝাৰৰ ২৬ গৰাকী মেধাবী ছাত্ৰীক কোকোৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত স্কুটী বিতৰণ কৰা হয়। বিটিচিৰ উপ কাৰ্যবাহী কামফা বৰগঞা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মেধাবী ছাত্ৰীকেইগৰাকীক স্কুটীৰ ছাবি বিতৰণ কৰে৷ বৰগঞাই ভাষণত কয় যে বিটিচি প্ৰশাসনে জিলাখনত শিক্ষাৰ আন্তঃগাঁঠনি উন্নয়নৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে৷ ইয়াৰে অংশ হিচাপে মেধাবী ছাত্ৰীসকলৰ মাজত স্কুটীৰ বিতৰণ কৰা হয়৷ যাতে এই ছাত্ৰীসকলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ শিক্ষানুষ্ঠানলৈ আহিব পাৰে৷ উল্লেখ্য যে, বিটিএডি চাৰিখন জিলাৰ সৰ্বমুঠ ৮৮ গৰাকী মেধাবী ছাত্ৰীক স্কুটীৰ বিতৰণৰ কাৰণে প্ৰশাসনে সিদ্ধান্ত লৈছে৷ ইয়াৰে অংশ হিচাপে কোকোৰাঝাৰৰ ২৬ গৰাকী মেধাবী ছাত্ৰীক স্কুটী বিতৰণ কৰা হয়৷ পৰবৰ্তী সময়ত ওদালগুৰিৰ ২৬ গৰাকী, বাস্কাৰ ১৯ গৰাকী আৰু চিৰাংৰ ১৭ গৰাকী মেধাবী ছাত্ৰীক স্কুটী বিতৰণ কৰা হ’ব৷