গুৱাহাটী 

৭ মে’

মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে শুকুৰবাৰে সৰুসজাই ক্রীড়া প্রকল্প আৰু ৰয়েল গ্ল’ৱেল বিশ্ববিদ্যালয়ত স্থাপন কৰা কভিড কেয়াৰ চেন্টাৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীয়ে চিকিৎসাৰ আন্তঃগাঁথনিকে ধৰি কভিড ৰােগীৰ চিকিৎসাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ সমূহৰ সৱিশেষ বুজ লয়। এই মহামাৰীৰ সময়ত ত্যাগ আৰু সমর্পিত মনােভাৱেৰে সেৱা আগবঢ়াই থকা চিকিৎসক তথা স্বাস্থ্য কর্মীসকলক ৰােগীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে নিজৰ স্বাস্থ্যৰাে যত্ন ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কভিড ৰােগীৰ সৈতে বার্তালাপ কৰি চিকিৎসা ব্যৱস্থাৰ বুজ লয়।

ইয়াৰ পিছতে সাংবাদিকৰ সৈতে হােৱা কথােপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে কভিড সংক্রমণ ৰােধ আৰু কভিড ৰােগৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে সকলােধৰণৰ পদক্ষেপ গ্রহণ কৰিছে। সমগ্ৰ ৰাজ্যখনৰ জিলাপ্রশাসন সমূহে জনসাধাৰণক আস্থা আৰু বিশ্বাসত লৈ কাম কৰি আহিছে। পৰিস্থিতি ভয়াৱহ আৰু সেই কথা আমি সকলােৱে উপলব্ধি কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কভিড সংক্রমণ যি কোনাে প্রকাৰে নিয়ন্ত্রণ কৰিব লাগিব। কভিড নিয়ন্ত্রণ কৰিব লাগিলে সকলাে শ্ৰেণীৰ ৰাইজৰ সহযােগ লাগিব। স্বাস্থ্য বিভাগে যিবােৰ নীতি-নিয়ম বান্ধি দিছে তাক সকলােৱে মানি চলিব লাগিব আৰু ইয়াৰ কোনাে বিকল্প নাই। মুখ্যমন্ত্ৰীয়ে কয় যে দিনে দিনে সংক্ৰমণৰ সংখ্যা বৃদ্ধিৰ লগতে মৃত্যুৰ হাৰাে বৃদ্ধি পাইছে। চাহ বাগিচাত সংক্রমণ হৈছে। জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগে যিবােৰ পদক্ষেপ গ্রহণ কৰিছে ইয়ে জনসাধাৰণক সকাহ দিব। স্বাস্থ্য মন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দিনে-নিশাই কাম কৰি আহিছে। মুখ্যমন্ত্ৰীয়ে কয় যে জনসাধাৰণৰ মাজত সচেতনতা গঢ়াৰ বাবে জিলা প্রশাসনসমূহক নির্দেশ দিয়া হৈছে। শৃংখলাবদ্ধতা আৰু সতর্কতাই আমাৰ জীৱন ৰক্ষা কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। অসমৰ ৰাইজক সংক্রমণৰ পৰা ৰক্ষা কৰাটো এই মুহূর্তত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। সকলােৱে দায়বদ্ধ আৰু দায়িত্ববােধেৰে কাম কৰি যাব লাগিব। পূর্বতে বৰাক-ব্রহ্মপুত্র, পাহাৰ-ভৈয়ামত বসবাস কৰা সকলাে শ্ৰেণীৰ জনসাধাৰণে দায়বদ্ধতাৰে কভিডৰ বিৰুদ্ধে যুঁজ দিছিল। এইবাৰাে ঠিক তেনেদৰে যুঁজ দিব লাগিব। সাংবাদিকসকলে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিশেষভূমিকা গ্ৰহণ কৰিব লাগিব বুলিও তেওঁ কয়।

আমি যৌথভাৱে কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি সফল হ’ব লাগিব। অসমৰ ৰাইজক নিৰােগী আৰু স্বাস্থ্যৱান কৰি ৰাখিব লাগিব। অসমৰ ৰাইজক কৰ’ণা ভাইৰাছৰ পৰা ৰক্ষা কৰাটো এক মানৱীয় দায়িত্ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। সকলােৱে নিজৰ দায়িত্ব আৰু কর্তব্য নিষ্ঠাৰে পালন কৰিব লাগিব বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে স্বাস্থ্য বিভাগে আন্তঃগাঁথনি যথেষ্ট শক্তিশালী কৰি তুলিছে। কভিড চিকিৎসা, ভেকচিনেশ্যনকে ধৰি সকলাে ক্ষেত্রতে স্বাস্থ্য বিভাগে দৃঢ়তাৰে পদক্ষেপ লৈ আহিছে। পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেণ্ডকে ধৰি উপচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।