গুৱাহাটী : পাণ্ডু ঘাটত তিনি কিশোৰৰ পৰিয়ালৰ কান্দোনৰ ৰোল। ব্ৰহ্মপুত্ৰ নদীৰ বুকুত তিনি কিশোৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে তিনি কিশোৰৰ মৃতদেহ দেখি কিশোৰ তিনিজন পৰিয়ালৰ লোক কান্দোনত ভাঙি পৰে। পাণ্ডু ঘাটত এই দৃশ্যই দেখি সকলোৰে চকু সেমেকি উঠে।

দেওবাৰে মহানগৰীৰ পাণ্ডুত ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ চাৰি কিশোৰ সন্ধানহীন হৈছিল। ব্ৰহ্মপুত্ৰ নদীৰ বুকুত কিশোৰ চাৰিজনৰ উদ্ধাৰ অভিযান চলাই এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীৰ জোৱানে তিনিজন কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰিছে। এজন কিশোৰ বর্তমানেও ব্ৰহ্মপুত্ৰ নদীৰ বুকুত সন্ধানহীন হৈ আছে।

মৃতদেহ উদ্ধাৰ হোৱা কিশোৰ তিনিজন হৈছে দয়াল শেখ, অভিনাশ দাস আৰু জিৎ দাস। ব্ৰহ্মপুত্ৰৰ বুকুত বৰ্তমানেও সন্ধানহীন হৈ আছে দীপ সৰকাৰ নামৰ কিশোৰজন। দীপ সৰকাৰৰ সন্ধানত উদ্ধাৰকাৰী দলটোৱে নিশা পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ অভিযান চলাই সাফল্য লাভ নকৰাত অৱশেষত অভিযান বন্ধ কৰে।

গা ধুই থকা অৱস্থাত এজন কিশোৰ ব্ৰহ্মপুত্ৰ নদীৰ সোঁতত উটি যোৱাত অন্য তিনিজন কিশোৰে উটি যোৱা কিশোৰজনক ৰক্ষা কৰিবলৈ হৈ নদীত সন্ধানহীন হৈ পৰিছিল। ঘটনাৰ খবৰ পাই আৰক্ষী, এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰি তিনিজন কিশোৰ মৃতদেহ নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

চাৰিওজন কিশোৰৰ ঘৰ মালিগাঁও অঞ্চলত আৰু বয়স ১৫ বছৰ বুলি জানিব পৰা গৈছে। টিউশ্যনৰ কৰি কিশোৰ চাৰিজন পাণ্ডু ঘাটত ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈছিল। নদীৰ পাৰত কিশোৰ চাৰিজনৰ বেগ আৰু চেণ্ডেলো উদ্ধাৰ হৈছে। দীপ সৰকাৰৰ সন্ধানত পুনৰ সোমবাৰে পুৱাৰ ভাগত উদ্ধাৰকাৰী দলটোৱে ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান আৰম্ভ কৰিব।