গুৱাহাটী : দেওবাৰে হোটেল লিলিত ফেশ্বন আৰু জীৱনচৰ্চা উদ্যোগৰ ওপৰত উদীয়মান লেখিকা ৰুবী বৰদলৈয়ে প্ৰকাশ কৰি উলিওৱা তেওঁৰ প্ৰথম কিতাপখন উদ্বোধন কৰা হয়। ফেশ্বন আৰু জীৱনচৰ্চাৰ ওপৰত সমগ্ৰ উত্তৰ-পূবৰ ভিতৰতে এইখন প্ৰথম কিতাপ। মানুহে কেনেকৈ জীৱনটো উদযাপন কৰিব লাগে তাৰ ক্ষেত্ৰত “ফেশ্বন” নামেৰে লিখি উলিওৱা এইখন এখন অনুকৰণীয় কিতাপ।

মানুহৰ জীৱনে কেনেকৈ একো একোটা লক্ষ্যত উপনীত হয় আৰু কেনেকৈ সময়ে গতি কৰে। ফেশ্বনৰ পৃথিৱীখনৰ লগত জড়িত সকলো দিশ আৰু সময়ৰ লগত ফেশ্বন উদ্যোগটো কেনেকৈ সলনি হৈ আহিছে তাৰ সকলো কথা এই কিতাপখনত বৰ্ণনা কৰা হৈছে। কিতাপখনৰ উদ্বোধন অনুষ্ঠানত লেখিকা ৰুবী বৰদলৈয়ে কয় যে, “মই আজি মোৰ প্ৰথমখন কিতাপ মুকলি কৰিব পাই বহুত সুখী। মই এই কিছু বছৰে ফেশ্বন আৰু জীৱনচৰ্চাৰ উদ্যোগখনৰ ওপৰত কৰি অহা অধ্যয়ন আৰু কষ্টৰ ফল এই কিতাপখন। মই নিশ্চিত যে মানুহে এই কিতাপখনৰ পৰা লাভাম্বিত হ’ব আৰু পাঠকে পঢ়ি ভাল পাব।”

উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ লগতে উৎপল দত্ত, মোনিতা বৰগোহাঞি, মঞ্জুলা হাজৰিকা, হেমন্ত দেৱনাথ, সংঘমিত্ৰা ডেকা, অৰ্চনা বৰঠাকুৰ আৰু ৰেখা দাসৰ দৰে বহুকেইজন গণ্য-মান্য ব্যক্তি। ফেশ্বন আৰু জীৱনচৰ্চাৰ উদ্যোগটো অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতেই ব্যাপক হাৰত সলনি হৈছে। “ফেশ্বন” নামৰ এই কিতাপখন ফেশ্বনৰ প্ৰতি আগ্ৰহ থকা সকলৰ বাবে হৈ পৰিব পাৰে ফেশ্বনৰ একমাত্ৰ হাতপুথি। এই কিতাপখন বৰ্তমান অকল গুৱাহাটীত উপলব্ধ যদিও অতি কম দিনৰ ভিতৰতে অসমৰ আন আন চহৰতো উপলব্ধ হ’ব।