গুৱাহাটী : মহিলাৰ হাত কাটিলে ৰিক্সা চালকে। দাৰে এগৰাকী মহিলাক আক্ৰমণ চলাই ৰিক্সা চালকে হাত কাটিলে মহিলা গৰাকীৰ। পথৰ ওপৰতে বহু সময় পৰি থাকিল আহত মহিলা গৰাকী।

মহানগৰী গুৱাহাটীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এজন ৰিক্সা চালকে ৰাজপথতে দাৰে আক্ৰমণ চলায় এগৰাকী মহিলাৰ ওপৰত। ৰিক্সা চালকৰ দাৰ আক্ৰমণত মহিলা গৰাকীৰ হাত কাটি যায়।

পুৱাৰ ভাগত এই ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হয় ৰিহাবাৰীত। মহিলাক দাৰে আক্ৰমণ চলাই ৰিক্সা চালকজন সুযোগ বুজি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আহত মহিলা গৰাকী বহু সময় ধৰি ৰাজপথৰ ওপৰতে পৰি থাকে।

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে ১০৮ ত খবৰ দিয়াৰ পিছতো বহু সময় ধৰি ঘটনাস্থলীত উপস্থিত নহয় ১০৮ এম্বুলেন্স। অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলা গৰাকীক উদ্ধাৰ কৰি আৰক্ষীৰ বাহনেৰে চিকিৎসালয়লৈ নিয়ে।