গুৱাহাটী : কুমাৰপাৰাত গুৱাহাটীৰ প্ৰথম “চাট কা চাস্কা” আউটলেট উদ্বোধন। সমগ্ৰ দেশত ১৫০ খনতকৈও অধিক বিপনীৰ মাধ্যমৰে সুস্বাদু ফ্লেভাৰৰ সৈতে লাখ লাখ লোকৰ হৃদয়ত স্থান দখল কৰা ‘চাট কা চাস্কা’ৰ সোমবাৰে গুৱাহাটীত ইয়াৰ প্ৰথমখন আউটলেট মুকলি কৰা হয়। গুৱাহাটীৰ কুমাৰপাৰা পাঞ্চালীত প্রখ্যাত সমাজকর্মী গায়ত্ৰী দেৱী শৰ্মা আৰু বিন্দু দেৱী গোয়েঙ্কাই যুটীয়াভাৱে বন্তি প্ৰজ্বলনৰে ‘চাট কা চাস্কা’ আউটলেট উদ্বোধন কৰে।

উদ্বোধনী অনুষ্ঠানত বহু বিশিষ্ট ব্যক্তি উপস্থিতি আছিল। তিনিগৰাকী যুৱ মহিলা উদ্যোগী ঈশিকা শর্মা, পূজা গোয়েঙ্কা আৰু সন্ধ্যা শৰ্মাই গুৱাহাটীৰ লোকসকলক উচিত মূল্যত বিভিন্ন ফ্লেভাৰ প্ৰদান কৰাৰ লক্ষ্যৰে তেওঁলোকৰ নতুন উদ্যোগ আৰম্ভ কৰিছে। ঈশিকা শর্মাই এই সন্দৰ্ভত কয় যে ‘চাট কা চাস্কা’ হৈছে ভাৰতৰ এক আগশাৰীৰ ষ্ট্রীট ফুড কেফে, যি ভাৰতীয় চহৰবোৰত ষ্ট্ৰীট ফুডৰ অনবদ্য সোৱাদ প্ৰদান কৰিবলৈ সক্ষম হৈছে। তেওঁ আৰু কয় যে আমাৰ আউটলেটত বিশেষভাৱে পানীপুৰী, সেৱ পুৰী, টিক্কি, ভেলপুৰী, টিক্কি চাট, দহি ভলে ইত্যাদি উপলব্ধ।

আমাৰ আউটলেটত উচিত মূল্যত খাদ্য সামগ্রী ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব গ্রাহকে বুলিও কয় ঈশিকা শৰ্মাই। আউটলেটটোৰ আন এগৰাকী অংশীদাৰ গোয়েঙ্কাই কয় যে ‘চাট কা চাস্কা’ আউটলেটৰ নিজা বহুতো এক্সুছিভ মেনু আছে, যাৰ ভিতৰত বিটেক চাট, মহাৰাজা মচলা, হাক্কা নুডলছ, চীজ-নহৰু ইত্যাদি। তেওঁ আশা ব্যক্ত কৰে যে গুৱাহাটীৰ ‘চাট কা চাস্কা’ৰ প্ৰথমখন আউটলেট মুকলি হোৱাৰ লগে লগে মহানগৰৰ বাসিন্দাসকলে কিবা বেলেগ আৰু নতুন সোৱাদ ল’ব পাৰিব।

সন্ধ্যা শৰ্মাই কয় যে অতি সোনকালেই আমি বিখ্যাত “কাকে দি হাততি”, মাদ্রাজ ফিৰংগী, এটা পাৰ্টি হল আৰু মে’ মাহৰ ভিতৰত এটা গেমচ জোন লোৱাৰ পৰিকল্পনা হাতত লোৱা হৈছে। এই গোটেই ভৱনটো বিভিন্ন বিকল্পৰ সৈতে গুৱাহাটী চহৰৰ বাবে এক মনোৰঞ্জন আৰু খাদ্য কেন্দ্ৰ হৈ পৰিব বুলিও আশা প্ৰকাশ কৰে সন্ধ্যা শৰ্মাই।