আমিনুৰ ৰহমান
শিৱসাগৰ : আহোম স্বৰ্গদেউক অপমান। শিৱসাগৰৰ ৰুদ্ৰ সিংহ উদ্যানত ভয়ংকৰ ঘটনা। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ আৱক্ষ্য প্ৰতিমূৰ্তিত জোতা-চেণ্ডেল পিন্ধি উদণ্ড যুৱকৰ দলে পাতিছে ভাংৰ আড্ডা। বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবেই অসামাজিক কাৰ্যকলাপৰ ঘটিত পৰিণত জয়সাগৰ পুখুৰী পাৰৰ ৰুদ্ৰসিংহৰ উদ্যান। ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া। কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতত্ব বিভাগৰ চুড়ান্ত অকমৰ্ণ্যতা আৰু অদৰ্ক্ষ্যতাৰ বাবেই ঐতিহাসিক শিৱসাগৰ জিলাখনৰ ইটোৰ পিছত সিটো পৌৰাণিক সম্পদ জহি খহি যোৱাৰ ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি অহাৰ সময়তেই এইবাৰ ইতিহাস প্ৰসিদ্ধ জয়সাগৰ পুখুৰীৰ পাৰৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানত সংঘটিত হ’ল এক নাভ্ৰুত নাশ্ৰুত ঘটনা।

একমাত্ৰ বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবেই জয়সাগৰ পুখুৰীৰ পাৰত অৱস্থিত ৰুদ্ৰসিংহ উদ্যানত থকা স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ বৃহৎ আৱক্ষ্য মূৰ্তিত জোতা-চেণ্ডেল পিন্ধি কেইজন মান উদণ্ড যুৱকৰ দলে দিনৰ পোহৰতেই ভাং আৰু মদৰ আড্ডা পতাৰ ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ অন্যতম স্বৰ্গদেউ হিচাপে পৰিচিত ৰুদ্ৰ সিংহৰ আৱক্ষ্য মুৰ্তিত জোতা-চেণ্ডেল পিন্ধি এনেদৰে মদ আৰু ভাংৰ মজলিছ অনুষ্ঠিত কৰাৰ ঘটনাক লৈয়েই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। জয়সাগৰ আৰক্ষী চকীৰ পৰা মাত্ৰ এশ মিটাৰ নিলগতেই অৱস্থিত উদ্যানখনত থকা আহোম স্বৰ্গদেউ গৰাকীৰ আৱক্ষ্য মুৰ্তিক এনেদৰে ঘোৰ অপমান কৰাৰ কাৰ্যত স্তম্ভিত হৈ পৰিছে শিৱসাগৰৰ সচেতন মহল।

যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰিছে সেই সময়তেই আৰক্ষী চকীৰ নাতি দূৰৈত এনেদৰে সুৰা, জুৱা, ড্ৰাগছত আসক্ত উদণ্ড যুৱকৰ দলে ৰুদ্ৰ সিংহৰ প্ৰতিমুৰ্তিত জোতা চেণ্ডেল পিন্ধি উঠি হাতে হাতে ভাং, চিগাৰেট সেৱন কৰি থকাৰ ঘটনাই আৰক্ষী প্ৰশাসনৰ নিৰন্তৰ অসামাজিক কাৰ্যকলাপ বিৰোধী অভিযানক কাৰ্যত অসাৰ কৰি তুলিছে। উল্লেখ্য যে, কংগ্ৰেছৰ আমোলত ইতিহাস প্ৰসিদ্ধ জয়সাগৰ পুখুৰীৰ পশ্চিম দিশত কেইবাকোটি টকা ব্যয় সাপেক্ষে এই বৃহৎ উদ্যানখন নিৰ্মাণ কৰাৰ লগতে স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ প্ৰকাণ্ড আৱক্ষ্য মূৰ্তি প্ৰতিস্থা কৰা হৈছিল৷ নিপূৰ্ণ খনিকৰৰ হতোৱাই নিৰ্মাণ কৰা প্ৰকাণ্ড আৱৰ্ক্ষ্য মূৰ্তি আৰু খোদিত ভাস্কৰ্য্যই দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰাৰ লগতে আহোম স্বৰ্গদেউ গৰাকীৰ নিৰ্ভেজাল দেশ প্ৰেম, সাহস, শৌৰ্য্য, বিৰ্য্য প্ৰকাশ কৰিছিল৷ একে সময়তেই উদ্যানৰ লগত সংযোজন ঘটাই আটক ধুনীয়াকৈ পানীৰ ফোঁৱাৰ, বিভিন্ন ৰঙ বিৰঙৰ এখন বাগিচাও নিৰ্মাণ কৰা হৈছিল।

অতি দুৰ্ভাগ্যজনকভাৱে নিম্ন মানদণ্ডৰ সামগ্ৰীৰে নিৰ্মাণ কৰা আৱৰ্ক্ষ্য প্ৰতিমুৰ্তিৰ বেদীৰ লগতে সমগ্ৰ প্ৰতিমূৰ্তিটোত চিৰাল ফাট মেলি এক কৰ্দয্যময় ৰূপ ধাৰণ কৰিলে। আৰ-বেৰ বিহীনভাৱে এৰাপলীয়া হাবি জংঘলেৰে আৱৰি ধৰা প্ৰতিমূৰ্তিটোৰ বেদী সম্প্ৰতি অসামাজীক কাৰ্যকলাপৰ এক নিৰাপদস্থলীলৈ ৰূপান্তৰিত হ’বলৈ ধৰিছে। কোনো ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা নথকা ৰুদ্ৰ সিংহৰ আৱৰ্ক্ষ্য প্ৰতিমূৰ্তিত উঠি পুৱাৰ পৰা নিশা লৈকে উদণ্ড যুৱকৰ দলে সুৰা, ড্ৰাগছ, ভাং সেৱনৰ মজলিচ অনুষ্ঠিত কৰি আহিবলৈ সক্ষম হৈছে৷ ইতিহাস প্ৰসিদ্ধ জয়সাগৰ পুখুৰীৰ নান্দনিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ অহা দেশী-বিদেশী পৰ্যটকে পশ্চিম দিশত থকা উদ্যান আৰু ঘনশ্যাম খনিকৰৰ মন্দিৰ পৰিদৰ্শন কৰিবলৈ গলেই এই লাজ লগা, ভয়ংকৰ দৃষ্টিকটূ দৃশ্য অনিচ্ছাকৃতভাৱে হলেও চাৱ লগীয়া হৈছে।