গৰৈমাৰী : পুনৰ এক জঘন্য ধর্ষণকাণ্ড। পুনৰ ধর্ষণৰ বলি হ’ল এগৰাকী নাবালিকা। ধর্ষণ কৰি ৰাজপথত পেলাই গ’ল ১৫ বছৰীয়া নাবালিকাক। স্থানীয় ৰাইজে কিশোৰী গৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। নাবালিকা গৰাকী গণ ধৰ্ষণৰ বলি হোৱাৰ সন্দেহ। 

অপৰাধীৰ বিৰোধী অসম আৰক্ষী যিমানেই কঠোৰ হৈছে সিমানেই
ৰাজ্যত বৃদ্ধি পাইছে অপৰাধজনীত ঘটনা। বিশেষকৈ মহিলা সকলৰ ওপৰত হোৱা অপৰাধৰ ঘটনা ৰাজ্যত ক্ৰমাৎ অধিক ভয়াবহভাৱে বৃদ্ধি পাইছে। আৰক্ষী গুলীকো যেন কেৰেপ নকৰা হৈছে অপৰাধীয়ে।

পুনৰ এক জঘন্য অপৰাধ সংঘটিত হৈছে ৰাজ্যত। এগৰাকী ১৫ বছৰীয়া নাবালিকা বলি হৈছে ধর্ষণৰ। এই জঘন্য ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ গৰৈমাৰীত। ধর্ষণৰ বলি হোৱা ১৫ বছৰীয়া নাবালিকা গৰাকীক ধর্ষণ কৰি ধৰ্ষণকাৰীয়ে পেলাই যায় পথৰ ওপৰত।

শুকুৰবাৰে নিশাৰ ভাগত কোনো অচিনাক্ত দুৰ্বৃত্তই ধৰ্ষণ কৰি ৰাজপথত পেলাই যায় ১৫ বছৰীয়া নাবালিকা গৰাকীক। শনিবাৰে পুৱাৰ ভাগত স্থানীয় ৰাইজে ধৰ্ষণৰ বলি হোৱা নাবালিকা গৰাকীৰ পথৰ ওপৰত পৰি থকা প্ৰত্যক্ষ কৰে। ৰাইজে নাবালিকা গৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত নাবালিকা গৰাকীক ভৰ্তি কৰোৱা হয় যদিও গোপনস্থানেৰে প্ৰচুৰ ৰক্তক্ষৰণ হোৱাত চিকিৎসকে নাবালিকা গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। নাবালিকা গৰাকী গণধর্ষণ বলি হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।