গুৱাহাটী : আৰপিটেক ইণ্ডিয়াই (এটি বিলিয়ন ডলাৰ কোম্পানী বিছবি এন্টাৰপ্রাইজ) উত্তৰ পূৰ্বাঞ্চলৰ সহযোগী পাৰ্টনাৰ সকলক প্লেটিনাম সন্মানেৰে সন্মানিত কৰে। এক সুদীর্ঘ সময় ধৰি আৰপিটেক ইণ্ডিয়াক আগবঢ়োৱা বিশেষ সহযোগিতাৰ বাবে কোম্পানীটোৰ উত্তৰ পূৰ্বাঞ্চল সহযোগী পাৰ্টানাৰ সকলক “পার্টনাৰ চার্টিফিকেশন প্রগ্রেম (পিচিপি)” সন্মান প্ৰদান কৰা হয়। গুৱাহাটী শাখা প্রমুখ ৰাজেশ আগৰৱালে এই প্রমাণ পত্ৰ আৰু প্ৰশংসা প্ৰত্ৰ প্ৰদান কৰে। সহযোগী পাৰ্টানাৰ সকলৰ বাবে সন্মান স্বৰূপ এই প্ৰমাণ পত্ৰ বিতৰণ কাৰ্যসূচী আৰম্ভ কৰাৰ ক্ষেত্ৰত আৰপিটেক ইণ্ডিয়া হৈছে বিছবি আইটি ক্ষেত্ৰৰ প্ৰথমটো কোম্পানী। আৰপিটেক ইণ্ডিয়াই বিগত মার্চ মাহত সহযোগী পার্টনাৰ সকলক উৎসাহিত কৰিবৰ বাবে এই পিচিপি কাৰ্যসূচী আৰম্ভ কৰে। কোম্পানীটোৰ এই একক প্রচেষ্টাক সকলো সহযোগী পার্টনাৰ আৰু ব্লেণ্ডে যথেষ্ট প্রশংসা কৰিছে।

প্লেটিনাম সন্মানে সহযোগী পার্টনাৰ সকলক ব্যৱসায়িক লাভালাভৰ উপৰিও বহুতো আকর্ষণীয় আঁচনিৰে উপকৃত কৰিব। আৰপিটেক ইণ্ডিয়াই সমগ্ৰ দেশতে সহযোগী পার্টনাৰ সকলক ৩০০০ প্লেটিনাম আৰু ১৫০০ ডায়মণ্ড চার্টিফিকেট প্রদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আৰপিটেক ইণ্ডিয়াৰ বিক্ৰী আৰু বিপণন শাখাৰ সঞ্চালক ৰাজেশ গোৱেঙ্কাই কয় যে, সহযোগী পাৰ্টানাৰ সকলৰ লগত আমাৰ সম্পৰ্ক মধুৰ তথা সুদীৰ্ঘ হোৱাটো আমি সদায়ে কামনা কৰো। তেওঁলোকে আমাৰ উত্তৰোত্তৰ উন্নতি সাধনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দৰাচলতে, পিচিপি হৈছে আমাৰ ওপৰত তেওঁলোকৰ আস্থা আৰু বিশ্বাসৰ এক প্ৰতীক স্বৰূপ। এই স্বীকৃতিৰ জৰিয়তে তেওঁলোকক প্লেটিনাম পার্টনাৰ ক্লাবলৈ আমন্ত্রণ জনোৱা হ’ব। তেওঁ কয় যে, এই কাৰ্যসূচীৰ ৰূপৰেখা তৈয়াৰ কৰিবলৈ আমাৰ টীমটোৱে বহু কষ্ট কৰিছে। পিচিপিৰ বাবে প্ৰমাণ পত্ৰৰ মাণদণ্ড নিৰ্দ্ধাৰণ কৰাৰ উপৰিও আমি চেনেল মেপিং আৰু মাৰ্কেট অধ্যয়ন কৰিব লগা হৈছে।

আমি দৃঢ় বিশ্বাসী যে আমাৰ এই কাৰ্যসূচীয়ে চেনেল সৱলীকৰণৰ প্ৰচেষ্টাত মাইলৰ খুটি স্থাপন কৰিবলৈ সক্ষম হ’ব। মই সকলো সুযোগ্য সহযোগী পার্টনাৰক ধন্যবাদ সহকাৰে এই উপলব্ধিৰ সৈতে আৰপিটেক ইণ্ডিয়াৰ প্লেটিনাম পার্টনাৰ ক্লাবলৈ স্বাগতম জনাইছোঁ। তেওঁলোকৰ উত্তৰোত্তৰ উন্নতিৰ বাবে সদায়ে সহায়-সহযোগিতা আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি দিছো। এই ক্ষেত্ৰত টীম আৰপিটেক ইণ্ডিয়াও ধন্যবাদৰ পাত্ৰ। গুৱাহাটী শাখা প্রমুখ ৰাজেশ আগৰৱালাই কয় যে, আৰপিটেক ইণ্ডিয়া হৈছে সহযোগী পার্টনাৰ সকলৰ বাবে পিচিপি প্ৰদান কৰা প্ৰথমটো আইটী কোম্পানী। সহযোগী পার্টনাৰ সকলৰ সৈতে সু-সম্পর্ক স্থাপনৰ ক্ষেত্ৰত এই কাৰ্যসূচী এক মাইলৰ খুটি হিচাপে পৰিগণিত হ’ব। মই সকলো যোগ্যতা সম্পন্ন সহযোগী পার্টনাৰক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আৰপিটেক ইণ্ডিয়াৰ প্লেটিনাম ক্লাবলৈ সকলোকে স্বাগতম জনাইছো। আমি তেখেত সকলক সকলো দিশতে সহায়-সহযোগ কৰাৰ উপৰিও সমূহীয়া প্ৰচেষ্টাৰে উন্নয়ন দিশত আগুৱাই যোৱাত সহায় কৰিম বুলি প্রতিশ্রুতি দিলো।

এই সন্মান গ্ৰহণ কৰি উৎফুল্লিত হৈ ইনটেক চল্যুছনৰ স্বত্তাধিকাৰী কিশোৰ আগৰৱালাই কয় যে, আৰপিটেক ইণ্ডিয়া এক লাভজনক, বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰত নিষ্ঠাবান, ক্ষীপ্র সেৱা মনোভাৱী আৰু সহযোগী পার্টনাৰ সকলৰ প্ৰতি সদায়ে দায়বদ্ধ কোম্পানী হিচাপে সকলোৰে এক পৰিচিত নাম। প্রয়োজন অনুসাৰে সকলো দিশতে সহায়-সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত আৰপিটেক ইণ্ডিয়াই এক বিশেষ ভূমিকা পালন কৰি আহিছে। কিন্তু সহযোগী পার্টনাৰ সকলৰ প্ৰতি বিশেষ দায়বদ্ধতা প্ৰদৰ্শন কৰি পিচিপি কাৰ্যসূচী হাতত লোৱাত আৰপিটেক ইণ্ডিয়া এক অদ্বিতীয় কোম্পানীলৈ পৰিগণিত হৈছে। আৰপিটেক ইণ্ডিয়াৰ এই পদক্ষেপে সহযোগী পার্টনাৰ সকলৰ মনোবল বৃদ্ধি কৰিব। আৰ.পি. টেক ইণ্ডিয়াৰ এই একক প্রচেষ্টা আমাৰ বেলেঞ্চ চাঁট সমূহত প্ৰদৰ্শন কৰা নহয় যদিও আমাৰ সকলোৰে হৃদয়ত এক বিশেষ স্থান লাভ কৰিব। এই পবিত্ৰ ক্ষণৰ সাক্ষী হ’বলৈ সুযোগ দিয়াৰ বাবে আমি টীম আৰপিটেক ইণ্ডিয়াক আন্তৰিক ধন্যবাদ জনাইছো।

আৰপিটেক ইণ্ডিয়াই উত্তৰ পূব ভাৰতত এক বিশেষ অগ্রগতি লাভ কৰি এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কোম্পানীটোৱে ক্ষীপ্ৰ সেৱাৰ জৰিয়তে প্রতিজন আইটি উপভোক্তাৰ সমস্যা সমাধানৰ ক্ষেত্ৰ এক অগ্রণী ভূমিকা বহন কৰি আহিছে। আৰপিটেক ইণ্ডিয়া (ৰাশি পেৰিফেৰিয়েল প্রাইভেট লিমিটেডৰ এটা অংশ) দেশৰ ভিতৰতে অন্যতম বিলিয়ন ডলাৰ বিছবি কোম্পানী। বিগত ২০ বছৰীয়া নিৰবিছিন্ন সেৱাৰ জৰিয়তে কোম্পানীটোৱে ২৫ শতাংশ চিএজিআৰ বৃদ্ধিৰ সৈতে সমগ্ৰ দেশতে ৩০ টাতকৈ অধিক ব্ৰেণ্ড, ৯০০০ কৈ অধিক বিছবি উপভোক্তা, ৭৫০ত কৈ অধিক টাউন/চহৰত ৫০ টা শাখা আৰু ৫০ টা চাৰ্ভিচ চেন্টাৰ স্থাপন কৰি এক অভিলেখ সৃষ্টি কৰিছে।