গোৱালপাৰা : বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ৰোধ কৰাৰ দাবীত প্ৰতিবাদ। বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ৰোধ কৰাৰ দাবীত হাজাৰ হাজাৰ লোক ওলাই আহিল ৰাজপথলৈ। বন বিভাগক তীব্ৰ সমালোচনা প্ৰতিবাদকাৰী ৰাইজৰ। চৰকাৰক মানুহৰ জীৱন আৰু সম্পত্তি বনৰীয়া হাতীৰ পৰা ৰক্ষা কৰাৰ আহ্বান।ৰাজ্যত দিনক দিনে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। বিশেষকৈ গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত প্ৰায়ে দেখিবলৈ পোৱা যায় বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত।

জিলাখনৰ লক্ষীপুৰত ইতিমধ্যে কেইবাজনো লোক নিহত হৈছে বনৰীয়া হাতীৰ আক্ৰমণত। লক্ষীপুৰত প্ৰায়ে বনাঞ্চলত পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলায়। অঞ্চলটোৰ ৰাইজে বন বিভাগক বাৰম্বাৰ আহ্বান জনাই অহাৰ পিছতো বনৰীয়া হাতীৰ সন্ত্ৰাসৰ পৰা অঞ্চলটোৰ ৰাইজক ৰক্ষা কৰাত বন বিভাগ সম্পূৰ্ণ বিফল হৈছে। অৱশেষত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ৰোধ কৰাৰ দাবীত ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে হাজাৰ হাজাৰ লোক।

সোমবাৰে গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত হাজাৰ হাজাৰ ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি বনৰীয়া হাতী আৰু মানুহৰ সংঘাতৰ স্থায়ী সমাধানৰ দাবী জনায়। বনৰীয়া হাতীৰ উপদ্ৰৱ বিজ্ঞান সন্মতভাৱে নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰক, বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ ৰক্ষা কৰক, জনসাধাৰণৰ ক্ষতি হোৱা ঘৰ দুৱাৰ, সা-সম্পত্তিৰ চৰকাৰীভাৱে হিচাপ কৰি ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে।

উল্লেখ্য যে বিগত এটা মাহত লক্ষীপুৰ অঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত কেইবাজনো লোক নিহত হোৱাৰ লগতে বিঘাই বিঘাই ধান খেতি নষ্ট কৰি বহু লোকৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰিছে বনৰীয়া হাতীৰ জাকে। বন বিভাগৰ গাফিলতিৰ ফলতে অঞ্চলটোত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত চূড়ান্ত পৰ্যায় পাইছেগৈ বুলি প্ৰতিবাদকাৰী সকলে অভিযোগ কৰে। লক্ষীপুৰৰ স্থানীয় ৰাইজৰ সহযোগত কেইবাটাও দল-সংগঠনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাতৰ স্থায়ী সমাধানৰ দাবীত ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।