জোৰশিমুলী : এক চাঞ্চল্যকৰ হত্যাকাণ্ড। পুনৰ স্বামী পৰিয়ালৰ লোকৰ হাতত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই। মাত্ৰ ৮ মাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা জেচমিনা খাতুনক হত্যা। স্বামী আৰু স্বামী পৰিয়ালৰ লোকে ডিঙি চেপি হত্যা কৰাৰ অভিযোগ জেচমিনা খাতুনক।

দক্ষিণ কামৰূপৰ জোৰশিমুলীত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। এগৰাকী ন-বিবাহিত মহিলাক হত্যা কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে। সোমবাৰে নিশাৰ ভাহত জোৰশিমুলীৰ গছপোতা গাঁৱত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড। জেছমিনা খাতুন নামৰ এগৰাকী মহিলাক স্বামীয়ে ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

হাবিজুৰ হক নামৰ এজন লোকৰ লগত ৮ মাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা জেচমিনা খাতুন নামৰ মহিলা গৰাকীক নিশা স্বামীয়ে ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। হত্যাকাণ্ডৰ পিছতে হাবিজুৰ হক পলায়ন কৰিছিল যদিও জোৰশিমুলী আৰক্ষীয়ে নিশাই অভিযান চলাই হাবিজুৰ হকক আটক কৰিবলৈ সক্ষম হয়।

জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ডেকাই অভিযান চলাই হাবিজুৰ হকসহ পৰিয়ালৰ লোকক আটক কৰি জেৰা চলাই আছে। ইফালে হাবিজুৰ হকে সাংবাদিকক জানিবলৈ দিয়ে যে নিশা ধেমালিতে পত্নী জেচমিনা খাতুনৰ ডিঙিত হেঁচা মাৰি ধৰাত জেচমিনা খাতুনৰ মৃত্যু হয়। ইয়াৰ পিছতে ভয়ত পলায়ন কৰে।