জোনমণি বেগম
বিশ্বনাথ : বিশ্বনাথত তিনি গভাইত চোৰ আটক। বিলাসী গাড়ী লৈ ছাগলী চোৰ কৰিবলৈ আহি জালত পৰিল তিনি গভাইত চোৰ। বিশ্বনাথ আৰক্ষীৰ অভিযানত বিলাসী বাহনসহ জালত পৰিল তিনি গভাইত ছাগলী চোৰ। বুধবাৰে নিশা বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ আৰক্ষীৰ এটা দলে অভিযান চলাই গভাইত চোৰ তিনিজনক আটক কৰে।

বিশ্বনাথ সদৰ আৰক্ষীৰ দলটোৱে অভিযানকালত চোৰ তিনিজনক এখন বিলাসী বাহনসহ আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে বিগত কিছুদিন ধৰি বিশ্বনাথৰ বিভিন্ন অঞ্চলত চুৰিকাণ্ড সংঘটিত হৈ আহিছে। বিশ্বনাথৰ বিভিন্ন গাঁও আঞ্চলত গোহালিৰ পৰা গৰু আৰু ছাগলী চুৰি কৰা চোৰৰ দল এটাই সন্ত্ৰাস চলাই আহিছে। চোৰৰ দলটোৰ সন্ত্ৰাসত উজাগৰী নিশা পাৰ কৰিবলগীয়া হৈছে গাঁও অঞ্চলৰ ৰাইজে।

বিশ্বনাথৰ গাঁও অঞ্চলত গোহালিৰ গৰু আৰু ছাগলীৰ লগতে বিভিন্ন ধৰ্মীয় অনুষ্ঠানতো বিগত কিছুদিন ধৰি চুৰিকাণ্ড সংঘটিত হৈ আহিছে। কিন্তু এশ গৰু মাৰিলে বাঘৰো মৰণ। এই কথা পুনৰ প্ৰমাণ হ’ল বুধবাৰে নিশা বিশ্বনাথৰ কুমলীয়া অঞ্চলত। নিশা কুমলীয়া অঞ্চলত তিনজনীয়া গভাইত চোৰৰ দল এটাই বিলাসী বাহন লৈ ছাগলী চুৰি কৰিবলৈ চেষ্টা কৰোতে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ সহযোগত স্থানীয় ৰাইজে আটক কৰে চোৰৰ দলটো। লগতে জব্দ কৰে চোৰে চুৰি কাৰ্যত ব্যৱহাৰ কৰা এখন বিলাসী বাহন।

ধৃত চোৰ কেইজন ক্ৰমে তেজপুৰৰ মহম্মদ ছফিউল্লা, জামুগুৰিহাটৰ ফৰিদুল আলম আৰু চুলেমান আলী। বিগত সময়ত বিশ্বনাথ সংঘটিত হোৱা চুৰিকাণ্ডত এই তিনিজন গভাইত চোৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। চোৰৰ দলটোৰ আৰু।কেইবাজনো সহযোগী থকাৰ সন্দেহ প্ৰকাশ কৰিছে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষীয়ে। চোৰৰ দলটোক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।