মানকাচৰ : যোৰহাটৰ ডিটেনশ্যন কেম্পত বন্দী হৈ থকা মেছেৰ আলীৰ কাকৰ নাম আছে ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত। ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ককাৰ নাম থকাৰ পিছতো দুবাৰকৈ ডিটেনশ্যন কেম্পত নিক্ষেপ মানকাচৰৰ মেছেৰ আলীক। দিন হাজিৰা কৰিবলৈ শিৱসাগলৈ যোৱাৰ পিছতে সীমান্ত আৰক্ষীয়ে বিদেশী নাগৰিকৰ সন্দেহত আটক কৰিছিল মেছেৰ আলীক।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ অন্তৰ্গত বালিয়াবিলৰ বাসিন্দা মেছেৰ আলী যোৰহাট ডিটেনশ্যন কেম্পত বন্দী হৈ আছে। মেছেৰ আলীৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে দিন হাজিৰা কৰা মেছেৰ আলী প্ৰায় ৩ বছৰ পূৰ্বে কামৰ সন্ধানত শিৱসাগৰলৈ গৈছিল। কিছুদিন শিৱসাগৰত থাকি মেছেৰ আলী যোৰহাটত থাকি দিন হাজিৰা কৰিবলৈ ধৰে।

ইফালে শিৱসাগৰত থকা সময়তে সীমান্ত আৰক্ষীয়ে মেছেৰ আলীৰ নামত বিদেশী নাগৰিকৰ সন্দেহত গোচৰ ৰুজু কৰিছিল। পৰৱৰ্তী সময়ত মেছেৰ আলীক যোৰহাটৰ পৰা আটক কৰি যোৰহাট ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হয়। প্ৰায় দুবছৰ যোৰহাট ডিটেনশ্যন কেম্পত থকাৰ পিছত উচ্চতম ন্যায়ালৰ পৰা জামিন লাভ কৰি প্ৰায় ৮ মাহ পূৰ্বে মেছেৰ আলী মানকাচৰৰ নিজ ঘৰলৈ উভতি আহে যদিও গোচৰৰ বাবে প্ৰতিমাহে যোৰহাটৰ বিদেশী ন্যায়াধীকৰণ আদালতত হাজিৰা হব লাগে মেছেৰ অলী।

দিন হাজিৰা কৰা মেছেৰ আলী প্ৰতিমাহে মানকাচৰৰ পৰা যোৰহাটলৈ প্ৰায় ৬০০ কিলোমিটাৰ অহা যোৱা কৰাৰ ফলত আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে। দিন হাজিৰা কৰি পৰিয়ালক পোহপাল দিয়া মেছেৰ আলী মাহেকত উপাৰ্জন কৰা ধন গোচৰৰ বাবে খৰচ কৰিবলগীয়া হৈছে বুলি মেছেৰ আলীৰ পৰিয়ালে জানিবলৈ দিয়ে। ইফালে অসুস্থতাৰ বাবে যোৱা দুমাহ মেছেৰ আলী আদালতত হাজিৰ হোৱা নাছিল।

অসুস্থতাৰ বাবে যোৱা দুই মাহ আদালতত হাজিৰ হ’ব নোৱাৰি চিকিৎসাৰ প্ৰমাণপত্ৰও দাখিল কৰিছিল মেছেৰ আলীয়ে। কিন্ত পৰৱৰ্তী ৪ আগষ্টৰ শুনানীত আদালতত হাজিৰ হোৱাত মেছেৰ আলীক দ্বিতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ কৰি ডিটেনশ্যন কেম্পলৈ নিক্ষেপ কৰা হয় বুলি মেছেৰ আলীৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। মেছেৰ আলীৰ পত্নীয়ে কয় “মোৰ স্বামী যদি বিদেশ হয়, তেন্তে মোৰ সন্তান, শাহু-শহুৰ আমি সকলোৱে বিদেশী”।

মোৰ স্বামীক কিয়, আমাকো ডিটেনশ্যন কেম্পত ৰাখিব লাগে,
আমি দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা মানুহ, আমাক ন্যায় দিয়ক বুলিও কয় মেছেৰ আলীৰ পত্নীয়ে। ইফালে অসম ‘ডি’ ভোটাৰ মঞ্চৰ সম্পাদক ফাৰুক খান বৰপেটাৰ পৰা গৈ মেছেৰ আলীৰ ভুক্তভোগী পৰিয়ালটোৰ কাষত উপস্থিত হৈ বিদেশী ন্যায়াধীকৰণ আদালতক সমালোচনা কৰি কয় বিদেশী নাগৰিকৰ নামত ভাৰতীয় লোকক অসমত হাৰাশাস্তি অব্যাহত আছে।

ফাৰুক খানে লগতে কয় যে বিদেশী নাগৰিকৰ সমস্যাটো অসমৰ এটা লেতেৰা ৰাজনীতি। এই ৰাজনীতিৰ কবলত পৰি অসমৰ লাখ লাখ জনতা বিদেশীৰ নামত হাৰাশাস্তি ভুগি অহা পৰিলক্ষিত হৈছে। ফাৰুক খানে লগতে কয় যে বিদেশী ন্যায়াধীকৰণ আদালত এটা ফাং ফুং কাৰবাৰ। মেছেৰ আলীৰ কাকৰ নাম ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম সন্নিবিষ্ট হৈ থকাৰ পিছতো কিদৰে বিদেশীৰ সন্দেহত ডিটেনশ্যন কেম্পত বন্দী হ’বলগীয়া হ’ল বুলিও প্ৰশ্ন উত্থাপন কৰে অসম ‘ডি’ ভোটাৰ মঞ্চৰ সম্পাদক ফাৰুক খানে।