গুৱাহাটী : ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে স্বেচ্ছাসেৱী সংস্থা ‘আৰণ্যক’ৰ উদ্যোগত গুৱাহাটীৰ নেডফি হাউচত আয়োজিত গুৱাহাটী মহানগৰীৰ (Guwahati City) নদী আৰু জলাশয়সমূহৰ পুনৰুজ্জীৱিতকৰণ আৰু সংৰক্ষণ বিষয়ক এক কৰ্মশালাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অসম চৰকাৰৰ ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগ তথা অসম বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সহযোগত আয়োজিত এই কৰ্মশালাত বহনক্ষম নগৰ উন্নয়নৰ লক্ষ্যৰে গুৱাহাটী মহানগৰীৰ মাজৰে বৈ যোৱা নদী আৰু জলাশয় তথা আদ্ৰৰ্ভূমিসমূহৰ সংৰক্ষণ আৰু পুনৰুজ্জীৱিতকৰণৰ বাবে বিজ্ঞানসন্মত সমাধান সূত্ৰ অন্বেষণৰ বাবে হোৱা দিনজোৰা আলোচনাত বহুসংখ্যক বিশেষজ্ঞ আৰু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

বিশিষ্ট পৰিৱেশবিদ প্ৰফেচাৰ পৰিমল চন্দ্ৰ ভট্টাচাৰ্যৰ সঞ্চালনাত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ কৰ্মশালাত আগঢ়োৱা নিজৰ বক্তব্যত মন্ত্ৰী অশোক সিংহলে কয় যে মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত চাৰিওদিশে নীলা পাহাৰেৰে আৱৰা গুৱাহাটী চহৰখন হৈছে আমাৰ বাবে প্ৰকৃতিৰ এক অনুপম উপহাৰ। কিন্তু শ্বিলঙৰ পৰা ৰাজধানী স্থানান্তৰৰ পাছত অতি দ্ৰুতগতিত হোৱা অপৰিকল্পিত উন্নয়নৰ ফলত চহৰখনৰ কিছুমান দিশ ক্ষতিগ্ৰস্ত হ’ল। মহানগৰীৰ মাজৰ বাট পথসমূহ পৰ্যাপ্তভাৱে আহল-বহল নোহোৱাৰ পৰিপ্ৰেক্ষিতত মেট্ৰ’ ৰে’ল প্ৰকল্প ৰূপায়ণৰ বাবেও চৰকাৰ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে বৰ্তমানৰ চৰকাৰখনে মহানগৰীখনৰ সম্প্ৰসাৰণৰ বাবে বহুখিনি প্ৰচেষ্টা হাতত লৈছে আৰু এই প্ৰয়াস সাৰ্থক হ’লেহে চহৰখনে মুকলিকৈ উশাহ ল’ব পাৰিব।

গুৱাহাটীৰ মাজেৰে বৈ যোৱা বশিষ্ঠ-বাহিনী আৰু ভৰলু নদীৰ পুনৰুজ্জীৱিতকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ৰাইজৰ সহযোগ অবিহনে চৰকাৰৰ কোনো আঁচনিয়েই সফল হ’ব নোৱাৰে। মহানগৰীৰ সামগ্ৰিক বিকাশৰ বাবে চহৰখনৰ প্ৰতিগৰাকী নাগৰিকে জাৱৰ-জোঁথৰ পেলোৱা আদি বিভিন্ন দিশত সচেতনতাৰ পৰিচয় দিব লাগিব বুলি মন্তব্য কৰি তেওঁ কয় যে আৱৰ্জনা পৰিশোধনৰ বাবে চৰকাৰে হাতত লোৱা প্ৰকল্পসমূহ কাৰ্যত ৰূপায়িত হ’লে অতি সোনকালেই চহৰখনৰ ৫০-৭০ শতাংশ আৱৰ্জনাৰ পৰিশোধন সম্ভৱ হৈ উঠিব। মহানগৰীৰ মাজেৰে বৈ যোৱা বশিষ্ঠ-বাহিনী, ভৰলু আদি নৈ-জান-জুৰিয়ে চহৰখনৰ আৱৰ্জনা, মল-মূত্ৰ আদি কঢ়িয়াই নিয়াৰ ফলত নদীকেইখনৰ অপমৃত্যু ঘটাৰ উপক্ৰম হোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰী অশোক সিংহলে কয় যে চলিত বিত্তীয় বৰ্ষৰ শেহৰফালে চৰকাৰে মহানগৰীৰ জুলীয়া আৱৰ্জনা নিষ্কাশনৰ বাবে আণ্ডাৰগ্ৰাউণ্ড পাইপলাইনৰ নিবিদা প্ৰক্ৰিয়া আগবঢ়াব পাৰিব আৰু এই পাইপলাইনৰ কাম সম্পূৰ্ণ হ’লেই এই নদীকেইখনৰ প্ৰদূষণ যথেষ্ট হ্ৰাস পাব বুলি তেওঁ আশা ব্যক্ত কৰে।

দীপৰ বিলক বেদখলমুক্ত আৰু প্ৰদূষণমুক্তকৰণেৰে প্ৰকৃতি আৰু পৰ্যটন উভয় দিশৰে পৰা এই জলাশয়ৰ উন্নয়ণৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ যথেষ্ট সদিচ্চা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই বিশাল জলাশয়ৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ হাতত লোৱা হৈছে। একেদৰে শিলসাকোঁ বিলৰ পুনৰুদ্ধাৰৰ বাবে প্ৰথম পৰ্যায়ত বিলখনৰ ৪০০ বিঘা মাটি পুনৰুদ্ধাৰৰ লক্ষ্য লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। এই গুৰুত্বপূৰ্ণ কৰ্মশালা আয়োজনৰ উদ্যোগ লোৱা বাবে প্ৰকৃতি সংগঠন ‘আৰণ্যক’ৰ শলাগ লৈ মন্ত্ৰী অশোক সিংহলে কয় যে আলোচনাত মহানগৰীৰ নৈ-জলাশয়সমূহৰ বহনক্ষম পুনৰুজ্জীৱিতকৰণৰ বাবে বাস্তৱসন্মত পৰামৰ্শ লাভ কৰিব পৰা যাব বুলি তেওঁ আশাবাদী।

কৰ্মশালাখনিৰ ফলাফলক লৈ উদ্যোক্তাসকলৰ এক বিশেষজ্ঞ দলৰ সৈতে ৰূপায়ণকাৰী সংস্থা জি এম চি, জি এম ডি এ আদিৰ বিষয়ববীয়াসকলক লগত লৈ তেওঁ পুনৰ আলোচনাত বহিবলৈ আগ্ৰহী বুলিও নিজৰ বক্তব্যত মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। আহ্বায়ক পাৰ্থ জ্যোতি দাসে আঁত ধৰা এই কৰ্মশালাৰ উদ্বোধনী সত্ৰত ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ ৰমেন দত্ত, পৰিৱেশবিদ প্ৰফেছাৰ পৰিমল চন্দ্ৰ ভট্টাচাৰ্য, ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ সহকাৰী উপাধ্যক্ষ ধ্ৰুৱ বৈশ্য, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সদস্য সচিব শান্তনু দত্ত, ৰাজ্যিক তথ্য আয়ুক্ত সমুদ্ৰ গুপ্ত কাশ্যপৰ লগতে বহুকেইগৰাকী বিশেষজ্ঞ তথা সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰে।