Sujit Kumar Chakraborty 

গুৱাহাটী : পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰী (Government Employee)। সমগ্ৰ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা চৰকাৰী কৰ্মচাৰী সকলে ভিৰ কৰে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত। ৰাজপথলৈ ওলাই অহাত আৰক্ষীৰ বাধা প্ৰদান।

মঙলবাৰে মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত কেইবাহাজাৰ চৰকাৰী কৰ্মচাৰী একত্ৰিত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰে গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰী বিৰোধী নীতিকলৈ চৰকাৰী কৰ্মচাৰী সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰ কঁপাই তোলে। চৰকাৰৰ নতুন পেন্সন নীতিকলৈ চৰকাৰী কৰ্মচাৰী সকলে অসন্তুতি প্ৰকাশ কৰি ৰাজপথলৈ ওলাই অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবী জনাই সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা চৰকাৰী কৰ্মচাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক পুৰণি পেন্সন নীতি বাহাল ৰাখিবলৈ আহ্বান জনায়।

প্ৰতিবাদী চৰকাৰী কৰ্মচাৰী সকলে পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত একত্ৰিত হৈ দিশপুৰলৈ পদযাত্ৰা কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ চেষ্টা চলায় যদিও আৰক্ষীয়ে প্ৰতিবাদী চৰকাৰী কৰ্মচাৰী সকলক পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত আৱদ্ধ কৰি পদযাত্ৰাত বাধা প্ৰদান কৰে। প্ৰতিবাদকাৰী চৰকাৰী কৰ্মচাৰী সকলে আমাৰ দাবী মানিব লাগিব, নতুন পেন্সন নীতি বাতিল কৰক, পুৰণি পেন্সন নীতি বাহাল ৰাখক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে ২০০৪ চনৰ ১ জানুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰে নতুন পেন্সন নীতি কাৰ্যকৰী কৰিছিল। অসমত ২০০৫ চনত নতুন পেন্সন নীতি কাৰ্যকৰী কৰা হৈছিল। অৱশ্যে পশ্চিম বংগ চৰকাৰে বৰ্তমানলৈকে নতুন পেন্সন নীতি কাৰ্যকৰী কৰা নাই। প্ৰতিবাদকাৰী চৰকাৰী কৰ্মচাৰী সকলে আশা প্ৰকাশ কৰে যে চৰকাৰে তেওঁলোকৰ দাবী মানি নতুন পেন্সন নীতি বাতিল কৰিব। চৰকাৰে নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল নাৰাখিলে চৰকাৰী কৰ্মচাৰী সকলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।