নিউজ ডেস্ক, ১৭ ছেপ্টেম্বৰ, ২০২৩ : অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ (War Against Drugs) দুটাকৈ বৃহৎ সাফল্য। আমিনগাঁৱত এখন ডি আই বাহন আৰু বোকাজানত এখন উইংগাৰ বাহনৰ পৰা জব্দ বুজন পৰিমাণৰ ড্ৰাগছ। আমিনগাঁৱত জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ১১ কোটি টকা আৰু বোকাজানত জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ১০ কোটি টকা। ড্ৰাগছখিনিৰ লগত আটক চাৰিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী। অধিক তথ্যৰ বাবে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী কেইজনক জেৰা অব্যাহত ৰাখিছে।
ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ধাৰাবাহিক সাফল্যৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰি ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে। আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই পুনৰ বুজন পৰিমাণৰ ড্ৰাগছসহ চাৰিজন ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিল।
মহানগৰীৰ আমিনগাঁৱত এখন ডি আই বাহনৰ পৰা আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। বাহনখনৰ পৰা আৰক্ষীয়ে ১ কেজি ৩৫০ গ্ৰাম হে’ৰইন জব্দ কৰিছে। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে আমিনগাঁৱত তালাচী চলাই এই বুজন পৰিমাণৰ হে’ৰইন জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত এই বুজন পৰিমাণৰ হে’ৰইনখিনিৰ বজাৰ মূল্য ১১ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। নিশা এছ টি এফ বাহিনীৰ এটা দলে গোপন খবৰৰ ভিত্তিত ডি আই বাহন এখনত তালাচী চলাই জব্দ কৰে এই বুজন পৰিমাণৰ হে’ৰইন। বাহনখনত অতি কৌশলেৰে লুকুৱাই অনা হৈছিল ৯৮ টা চাবোনৰ বাকচত এই বুজন পৰিমাণৰ হে’ৰইনখিনি।
হে’ৰইনখিনি মণিপুৰৰ চুড়াচান্দপুৰৰ পৰা লৈ গুৱাহাটী অভিমুখে আহি আছিল দুজন ড্ৰাগছ সৰবৰাহকাৰী। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন মণিপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে তমিজুৰ ৰহমান আৰু আব্দুল ৰহিম বুলি জানিব পৰা গৈছে। বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী দুজনক জেৰা অব্যাহত ৰাখিছে। ইফালে কাৰ্বি আংলং জিলাৰ বোকাজানত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই আন এটা সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। এখন উইংগাৰ বাহনৰ পৰা আৰক্ষীয়ে ১৩০ টা চাবোনৰ বাকচত লুকুৱাই অনা হে’ৰইন জব্দ কৰিছে।
ডিলাই আৰক্ষীৰ নাকা তালাচীত মণিপুৰৰ পৰা আহি থকা উইংগাৰ বাহন এখনত তালাচী চলাই জব্দ কৰে হেৰ’ইনখিনি। জব্দকৃত হে’ৰইনখিনিৰ মূল্য প্ৰায় ১০ কোটি টকা বুলি আৰক্ষীয়ে অনুমান কৰিছে। হেৰ’ইনখিনিৰ লগতে মণিপুৰৰ মহম্মদ ইলিয়াছ আলী আৰু মহম্মদ চিৰাজুদ্দিন নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে দুই সম্প্ৰদায়ৰ মাজত চলি থকা গোষ্ঠী সংঘর্ষৰ ফলত মণিপুৰ জ্বলি আছে যদিও মণিপুৰৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ ড্ৰাগছৰ সৰবৰাহ অব্যাহত আছে।