নগাঁও, ১৬ নৱেম্বৰ, ২০২৩ : পুনৰ আৰক্ষীৰ গুলী চালনা। ডকাইতক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা (Police Firing)। আৰক্ষীৰ গুলীত আহত এজন কুখ্যাত ডকাইত। আৰক্ষীৰ অভিযানৰ সময়ত আৰক্ষীক লক্ষ্য কৰি ডকাইতজনে প্ৰথমে গুলী চালনা কৰিছিল। আৰক্ষীৰ গুলীত আহত কুখ্যাত ডকাইতজন চিকিৎসালয়ত ভৰ্তি।

অপৰাধীক লক্ষ্য কৰি অব্যাহত আছে আৰক্ষীৰ গুলী চালনা। এইবাৰ নগাঁও আৰক্ষীয়ে গুলীয়ালে এজন কুখ্যাত ডকাইতক। নগাঁও আৰক্ষীৰ গুলীত গুৰুত্বৰভাৱে আহত কুখ্যাত ডকাইতজন। বৃহস্পতিবাৰে পুৱতি নিশা নগাঁও জিলাৰ জুৰীয়াত আৰক্ষীয়ে গুলীয়াই কুখ্যাত ডকাইতজনক। আৰক্ষীৰ অভিযানকালত কুখ্যাত ডকাইতজন আৰক্ষীক লক্ষ্য কৰি প্ৰথমে গুলী চালনা কৰাত আৰক্ষীয়ে প্ৰত্যুত্তৰত গুলী চালনা কৰে।

পুৱতি নিশা প্ৰায় ৩ বজাত নগাঁও জিলাৰ জুৰীয়াত আৰক্ষীয়ে পুনৰ গুলী চালনা কৰে এজন অপৰাধীক লক্ষ্য কৰি। জানিব পৰা মতে, এক গোপন খবৰৰ ভিত্তিত পুৱতি নিশা আৰক্ষীয়ে ডকাইতৰ বিৰুদ্ধে এক অভিযান চলাইছিল। আৰক্ষীৰ অভিযানৰ সময়ত ৰাজু আহমেদ নামৰ এজন কুখ্যাত ডকাইতে অভিযানকাৰী আৰক্ষীৰ দলটোলৈ লক্ষ্য কৰি গুলী চালনা কৰাত আৰক্ষী প্ৰত্যুত্তৰত গুলী চালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলী লাগি গুৰুত্বৰভাৱে আহত হয় ৰাজু আহমেদ নামৰ কুখ্যাত ডকাইতজন।

আহত কুখ্যাত ডকাইত ৰাজু আহমেদক আৰক্ষীয়ে ততাতৈয়াকৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। কুখ্যাত ডকাইত ৰাজু আহমেদৰ ভৰিত আৰক্ষীৰ গুলী লাগিছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ডকাইত ৰাজু আহমেদৰ কবলৰ পৰা এটা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ কৰিছে। ডকাইত ৰাজু আহমেদৰ দলটোৰ কেইবাজনো ডকাইত পলাতক অৱস্থাত আছে। আৰক্ষীয়ে ডকাইত কেইজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে ধুবুৰী জিলাৰ তামাৰহাটত ধুবুৰী আৰক্ষীয়ে এজন গৰু সৰবৰাহকাৰীক লক্ষ্য কৰি গুলী চানলা কৰিছিল। ধুবুৰী আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে ধুবুৰী আৰক্ষীয়ে গৰু সৰবৰাহকাৰীজনক লক্ষ্য কৰি গুলী চালনা কৰাত গুৰুত্বৰভাৱে আহত হৈছিল গৰু সৰবৰাহকাৰীজন। গৰু সৰবৰাহকাৰীজনে এখন বলে’ৰ পিক আপ বাহনখনত কঢ়িয়াই অনা ৮ টা গৰুও জব্দ কৰিছিল আৰক্ষীয়ে।