গুৱাহাটী, ২৮ ডিচেম্বৰ, ২০২৩ : আলফা আৰু চৰকাৰৰ প্ৰস্তাবিত শান্তি চুক্তি (Peace Talks) প্ৰক্ৰিয়ালৈ শুভেচ্ছা জ্ঞাপন কৰি অসম জাতীয় পৰিষদে এই প্ৰক্ৰিয়াত পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন) গোটকো জড়িত কৰাত উদ্যোগ ল’বলৈ আলফা, চৰকাৰ আৰু সংশ্লিষ্ট সকলোকে আহ্বান জনাইছে। এক প্ৰেছ বিজ্ঞপ্তিত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে, ভাৰতবৰ্ষৰ স্বাধীনোত্তৰ ইতিহাসত অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে বহু চুক্তি সম্পাদন হ’ল কিন্ত অধিক সংখ্যক চুক্তি ৰূপায়ন হে নহ’ল৷
অসমত খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ বাবে অসমীয়া মানুহে ৬ বছৰ আন্দোলন কৰিব লগা হৈছিল, ৮৫৫ জনে জীৱন দিব লগা হৈছিল, লক্ষ লক্ষ মানুহ নিৰ্যাতিত হৈছিল আৰু ইয়াৰ ফলশ্রুতিত স্বাক্ষৰিত অসম চুক্তি খনো ফলপ্ৰসু ৰূপায়ন নহ’ল।
আৰু অলেখ উদাহৰণ আছে। এই সময়ছোৱাত দিল্লীত কংগ্ৰেছ বিজেপি আদি দলৰ চৰকাৰ দীৰ্ঘদিন শাসনত আছিল। তাতোধিক ভুৱা প্ৰতিশ্রুতি, ভুৱা গ্যেৰান্টিত আৰু ৰাজনৈতিক চমকত সিদ্ধহস্ত বিজেপিও এই সময়ছোৱাত প্ৰায় ১৫ বছৰ কেন্দ্ৰত শাসনত আছিল। বিজেপি চৰকাৰেও জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈ বিদেশী খেদাৰ পৰিৱৰ্তে “কা“ ৰ দ্বাৰা অবৈধ বিদেশী অনাৰ পথহে সুগম কৰিলে বুলি দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়।
যোৱা নিৰ্বাচনৰ আগে আগে অসমীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ প্ৰতিশ্রুতিৰে বিশেষজ্ঞ সমিতি গঠন কৰি দাড়ি-কমা নকটাকৈ এই পৰামৰ্শ ৰূপায়ন কৰাৰ দৃঢ় প্ৰতিশ্রুতি সংসদত দিয়াৰ পিছতো আজি প্ৰায় ৫ বছৰে এই পৰামৰ্শ দিছপুৰতেই পৰি থাকিল, আজিলৈ দিল্লীলৈ এই প্ৰতিবেদন নগ’ল। নিৰ্বাচনৰ পূৰ্বে কেৱল ভোট আৰু ক্ষমতা লাভৰ বাবে অসমীয়া মানুহৰ আৱেগক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰাত সিদ্ধহস্ত বিজেপিৰ ক্ষেত্ৰত সতৰ্ক হ’বলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনাইছে অসম জাতীয় পৰিষদে।অসমৰ অসমীয়া মানুহৰ আৰ্থিক, সাংস্কৃতিক, সামাজিক আৰু ৰাজনৈতিক অধিকাৰ সৰ্বকালৰ বাবে সুৰক্ষিত কৰিবলৈ অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত সাংবিধানিক ৰক্ষাকবচৰ পৰামৰ্শাৱলীক কাৰ্যকৰী কৰাৰ দিশটোক অগ্ৰাধিকাৰ দিবলৈও আলফাক জাতীয় পৰিষদে আহ্বান জনাইছে।
বিজ্ঞপ্তিটোত অসম জাতীয় পৰিষদৰ নেতাদ্বয়ে দোহাৰে যে, প্ৰস্তাৱিত শান্তি আলোচনাত অসমীয়া মানুহৰ অস্তিত্বৰ বিষয়টো স্থান পাব লাগিব৷ কিন্তু এই ক্ষেত্ৰত এইটো কথা মনত ৰাখিব লাগিব যে অসমীয়া মানুহৰ অস্তিত্বৰ লগত অসমীয়া মানুহৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু মাটিৰ অধিকাৰ সুৰক্ষিত কৰিব পৰা সকলো দিশ অসম চুক্তিৰ ৬ নং দফাৰ সাংবিধানিক ৰক্ষাকৱচৰ পৰামৰ্শাৱলীত সন্নিবিষ্ট আছে৷ কেন্দ্ৰৰে আলোচনাৰ শেষত হ’বলগীয়া চুক্তিত অসমত “কা” আইন কোনো কালে যাতে প্ৰযোজ্য নহয়, সেয়া অন্তৰ্ভূক্ত কৰাত বিশেষ গুৰুত্ব দিবলৈ জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে আলফা নেতৃবৰ্গক অনুৰোধ জনায়৷
আনহাতে অসমখনক হিন্দু-মুছলমানৰ ৰাজনীতিৰ কঠিয়াতলিত পৰিণত কৰাৰ উদ্দেশ্যে, জনমতক উপেক্ষা কৰি, বিজেপিৰ চৰকাৰে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ লক্ষ্যৰে গাৰ জোৰেৰে ৰূপায়ন কৰা ‘ডিলিমিটেচন’ক ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অস্তিত্ব ৰক্ষাৰ উপায় হিচাপে যাতে হ’বলগীয়া চুক্তিত প্ৰতিফলিত কৰিব নোৱাৰে, তাৰ প্ৰতিও সজাগ হৈ থাকিবলৈ আলফা নেতৃত্বত জাতীয় পৰিষদে আহ্বান জনায়৷।উল্লেখ্য যে, দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এখন সংবাদ মেলতো একেখিনি কথা উল্লেখ কৰে৷