মৰিয়নী, ২৮ ডিচেম্বৰ, ২০২৩ : এক নৃশংস ঘটনা। মানৱ সমাজক লজ্জিত কৰিলে এই ঘটনাই। পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ (Son Killed Father)। পুত্ৰৰ প্ৰহাৰত প্ৰাণ হেৰুৱালে মাতৃয়ে। ৰডেৰে মৰিয়াই মৰিয়াই পুত্ৰই নৃশংসভাৱে হত্যা কৰিলে মাতৃক। সামান্য কথাতে পুত্ৰই ৰডেৰে মৰিয়াই মৰিয়াই মাতৃক হত্যা কৰিলে। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী পুত্ৰক।

ৰাজ্যত দিনক দিনে ভয়াবহভাৱে বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। চুৰি, ডকাইতি, ধৰ্ষণ, হত্যাৰ দৰে অপৰাধমূলক ঘটনা সাধাৰণ অপৰাধৰ পৰিণত হৈছে ৰাজ্যত। প্ৰতিদিনে ৰাজ্যত সংঘটিত হৈ আছে চুৰি, ডকাইতি, ধৰ্ষণ, হত্যাৰ দৰে জঘন্য ঘটনা। ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি অপৰাধী সকলে সংঘটিত কৰি আছে বিভিন্ন অপৰাধমূলক ঘটনা।

হত্যা, হিংসাৰে জৰ্জৰিত ৰাজ্যখনত পুনৰ সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। মহানগৰী গুৱাহাটীৰ বৰাগাঁও অঞ্চলত সংঘটিত হোৱা পিতৃ-কন্যাৰ হত্যাকাণ্ডৰ ঘটনাৰ চাঞ্চল্যৰ মাজতে যোৰহাট জিলাৰ মৰিয়নীত সংহতটি হৈছে এক নৃশংস হত্যাকাণ্ড। এজন পাষণ পুত্ৰই নৃশংসভাৱে হত্যা কৰিলে এগৰাকী মহিলাক। সামান্য কথাৰে ৰডেৰে মৰিয়াই মৰিয়াই পাষণ পুত্ৰই হত্যা কৰিলে মাতৃক।

যোৰহাট জিলাৰ মৰিয়নীৰ ভেলেউগুৰিৰ কালিয়া গাঁৱত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। কালিয়া গাঁৱৰ নবীন বৰা নামৰ এজন পাষণ পুত্ৰই ৰডেৰে মৰিয়াই মৰিয়াই হত্যা কৰে নিজ মাতৃ নিৰু বৰাক। জানিব পৰা মতে, সামান্য কথাতে নবীন বৰাই মাতৃ নিৰু বৰাক ৰডেৰে আক্ৰমণ কৰে। নবীন বৰাই ৰডেৰে মৰিয়াই মৰিয়াই হত্যা কৰে মাতৃ নিৰু বৰাক।

বুধবাৰে নিশাৰ ভাগত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ডৰ ঘটনা। হত্যাকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত দেৱেৰাপাৰা আৰক্ষীৰ এটা দল উপস্থিত হৈ নিৰু বৰাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত অব্যাহত ৰাখিছে। ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰী পুত্ৰ নবীন বৰাক আটক কৰিছে। আৰক্ষীৰ তদন্তৰ পিছতে হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব। এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।