নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰী, ২০২৬ : সৰিতা ইয়োলমোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিচিত দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ (Darjeeling Himalayan Railway) প্ৰথমগৰাকী মহিলা ট্ৰেভেলিং টিকট পৰীক্ষক (টিটিই) হিচাপে “ট্যুৰ ডিউটি”ৰ দায়িত্ব গ্ৰহণ কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ঐতিহাসিকভাৱে প্ৰসিদ্ধ ৰে’লৱেত এক লক্ষ্যনীয় সফলতাৰ সাক্ষী হয়। এই ঐতিহাসিক মুহূৰ্তৰ দিশত সৰিতাৰ দীৰ্ঘদিনীয়া যাত্ৰা অতি দৃঢ় আৰু অধ্যৱসায়ৰ এক উদাহৰণ স্বৰূপ।

তেওঁ ৰে’লৱে প্ৰেছত কৰ্মজীৱন আৰম্ভ কৰি আৰু বন্ধ হোৱাৰ অন্তিম মূহূৰ্তলৈকে সেৱা আগবঢ়াই যায়। কেৰিয়াৰ পৰিৱৰ্তনত তেওঁ নিৰুৎসাহিত নহৈ বাণিজ্যিক বিভাগলৈ স্থানান্তৰিত হৈ নিউ জলপাইগুড়ীত টিটিই হিচাপে কাম আৰম্ভ কৰে। নিউ জলপাইগুড়ীত নিয়মীয়া কৰ্তব্য পালনৰ লগতে সৰিতাক মাজে মাজে দাৰ্জিলিং হিমালয়ান ৰে’লৱেত ট্যুৰ ডিউটিৰ বাবে নিয়োগ কৰা হয়। এই বিশেষ দায়িত্বৰ জৰিয়তে তেওঁ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ইতিহাসত প্ৰথমগৰাকী মহিলা টিটিই হিচাপে ঐতিহ্যবাহী প্ৰসিদ্ধ ট্যুৰসমূহৰ তত্ত্বাৱধান কৰাৰ গৌৰৱ অৰ্জন কৰিছে।

টয় ট্ৰেইনত সৰিতা ইয়োলমোৰ উপস্থিতি কেৱল এটা কামৰ বাবে দায়িত্ব নহয়; ই ভাৰতীয় ৰে’লৱেৰ কাৰিকৰী আৰু ফিল্ড অপাৰেচনত মহিলাৰ প্ৰতিনিধিত্বৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। তেওঁৰ কাহিনী ৰে’লৱেৰ পৰিৱৰ্তনশীল চেতনাৰ এক প্ৰামান্য দস্তাৱেজ-য’ত পৰম্পৰা আৰু প্ৰগতি একেলগে একত্ৰিত হৈছে।