গুৱাহাটী, ২৯ জুন, ২০২৬ : এফালে উৎকট গৰমে দহিছে ৰাজ্য আনফালে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ডাৱৰ বিস্ফোৰণ আৰু নেৰানেপেৰা বৰষুণৰ ফলত ভয়াবহ বানৰ কবলত পৰিছিল অসমৰ কেইবাখনো জিলা। জলবায়ু পৰিবৰ্তৰ ভয়াবহ ৰূপ দেখিবলৈ পোৱা গৈছে উত্তৰ-পূৰ্বাঞ্চলত (North East)। এফাল অসমত পূৰ্বৰ তুলনাত হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ, আনফালে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ডাৱৰ বিস্ফোৰণ আৰু নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰখনৰ লগতে অসমত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।
অসমত বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাত উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য। অসমত বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে যদিও অৰুণাচল প্ৰদেশত অব্যাহত থকা নেৰানেপেৰা বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ ফলত অৰুণাচল প্ৰদেশৰ লগতে অসমত বানে তাণ্ডৱলীলা চলাইছে। অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা পানীয়ে বুৰাইছে অসমৰ ৬ খনকৈ জিলা। অৰুণাচল প্ৰদেশৰ পানীয়ে ধেমাজি, লখিমপুৰ আৰু ডিব্ৰুগড়ত ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পৰিবৰ্তে নামনি অসমৰ নলবাৰী, চিৰাং আৰু কোকৰাঝাৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে।
অৰুণাচল প্ৰদেশৰ পানীয়ে অসমত সৃষ্টি কৰা বান পৰিস্থিতিৰ ফলত প্ৰভাৱিত হৈছে ২২ হাজাৰ ১২৪ জন লোক। বানৰ ফলত সর্বসাধিক ১৫ হাজাৰ ৪৮৩ জন লোক প্ৰভাৱিত হৈ আছে ধেমাজি জিলত। চিৰাঙত ৫ হাজাৰ ১১৪ জন আৰু ডিব্ৰুগড়ত ৯৩৫ জন লোক প্ৰভাৱিত হৈ আছে। ৰাজ্যৰ ১৬৯০ হেক্টৰ কৃষিভূমি বাঢ়নী পানীৰ তলত। বানৰ বাঢ়নী পানীয়ে তাণ্ডৱলীলা চলাইছে ৰাজ্যৰ ৬ খনকৈ জিলাত। বিশেষকৈ ধেমাজি, চিৰাং আৰু লখিমপুৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল ডুব গৈ আছে বাঢ়নী পানীত। বহু ঠাইত মাথাউৰি ছিঙি কেইবাখনো গাঁও ডুব গৈছে বাঢ়নী পানীত।
ইফালে অৰুণাচল প্ৰদেশৰ নিম্ন ছিয়াং জিলাত বৃহৎ ভূমিস্খলনৰ ফলত ছিজি নদীৰ প্ৰবাহ বন্ধ হৈ পৰিছে। আনফালে ডাৱৰ বিস্ফোৰণৰ ফলত বাট-পথ ছিঙি যোৱাত ৰাজ্যখনত এক হাহাকাৰ পৰিস্থিতিত সৃষ্টি হৈছে। জিলা প্ৰশাসনে অঞ্চলটোৰ ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। জিলা প্ৰশাসন আৰু এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ লগতে যিকোনো পৰিস্থিতিৰ লগত মুকাবিলা কৰিবলৈ প্রস্তুত হৈ আছে। ৰাজ্যখনত আগন্তক ২৪ ঘণ্টাত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে।
ধেমাজিত চিমেন নৈৰ পানীয়ে তাণ্ডৱলীলা চলাইছে। চিমেন নৈৰ পানীয়ে ৰে’লৱে দলঙৰ এক বৃহৎ অংশ খহাই নিয়ে। নদীৰ পানীৰ স্তৰ হঠাৎ বৃদ্ধি পোৱাৰ ফলত দলঙৰ সমীপৰ মাটি উটুৱাই লৈ যায়, যাৰ ফলত ইয়াৰ এটা খুঁটা অস্থিৰ হৈ পৰে আৰু ইয়াৰ ক্ষতিসাধন হয়। পৰৱৰ্তী সময়ত সতৰ্কতামূলক ব্যৱস্থা হিচাপে মুৰ্কংচেলেক আৰু চিলাপথাৰৰ মাজত ৰে’ল সেৱা বন্ধ কৰি দিয়া হয়। সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত কোনো ৰে’লৰ ক্ষতি হোৱা নাই, আৰু কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই পৰিস্থিতিৰ বুজ লয় আৰু উল্লেখ কৰে যে চৰকাৰে পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে আৰু ক্ষতিগ্রস্ত পৰিয়ালসমূহৰ সুৰক্ষা আৰু পুনৰ সংস্থাপনৰ বাবে সকলো বিভাগে একেলগে কাম কৰি আছে৷ তেওঁ বিষয়াসকলক নিৰ্দেশ দিছে যে সাহায্য কামত কোনো ধৰণৰ গাফিলতি দেখুৱাব নালাগে আৰু অতি সোনকালে আৰ্তজনক সাহায্য প্ৰদান কৰিব লাগে।
