নিউজ ডেস্ক, ১৩ জুলাই, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (RPF) ৭ আৰু ৮ জুলাই তাৰিখে ইয়াৰ অধিক্ষেত্ৰৰ অধীনত সফল অভিযান চলাই যাত্ৰীৰ সুৰক্ষা অধিক শক্তিশালী কৰাৰ লগতে বিভিন্ন অবৈধ কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত অবিৰত প্ৰচেষ্টা অব্যাহত ৰাখিছে। ৰে’লৱে সুৰক্ষাৰ প্ৰতি সুদৃঢ় প্ৰতিশ্ৰুতিৰ প্ৰদৰ্শনেৰে ৰে’লৱে সুৰক্ষা বাহিনীয়ে চৰকাৰী ৰে’লৱে আৰক্ষী, আবকাৰী বিভাগ, শিশু কল্যাণ কৰ্তৃপক্ষ আৰু অন্যান্য আইন বলবৎকাৰী সংস্থাসমূহৰ সৈতে সমন্বয়েৰে মাদক দ্ৰব্যৰ সৰবৰাহ, সুৰাৰ চোৰাং ব্যৱসায়, চুৰি তথা অন্যান্য অপৰাধমূলক কাৰ্যকলাপ দমনত উল্লেখযোগ্য সফলতা লাভ কৰাৰ লগতে বিপদগ্ৰস্ত যাত্ৰীসকলক সময়মতে মানৱীয় সহায় আগবঢ়ায়।
উক্ত অভিযানসমূহৰ সময়ত ৰে’লৱে সুৰক্ষা বাহিনীৰ টীমসমূহে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন ৰে’ল ষ্টেচনৰ পৰা প্ৰায় ৭.৬০ লাখ টকা মূল্যৰ ১৫ কিলোগ্ৰামতকৈ অধিক গাঞ্জা উদ্ধাৰ কৰে। পৃথক পৃথক ঘটনাত ৰে’লগাড়ী আৰু ৰে’লৱে পৰিসৰৰ পৰা ২০ হাজাৰ টকাতকৈ অধিক মূল্যৰ ১৮৫ টা সুৰাৰ বটল জব্দ কৰি ইয়াৰ লগত জড়িত অপৰাধীক আটক কৰাৰ পিছত সংশ্লিষ্ট কৰ্তৃপক্ষই প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰে। মোবাইল ফোন চুৰি আৰু অন্যান্য অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান অধিক তীব্ৰতৰ কৰি ৰে’লৱে সুৰক্ষা বাহিনীয়ে কেইবাজনো অভিযুক্তক আটক কৰে। এই অভিযানত মুঠ প্ৰায় ১.০৪ লাখ টকা মূল্যৰ সাতটা মোবাইল ফোন উদ্ধাৰ কৰাৰ লগতে পৰৱৰ্তী আইনী ব্যৱস্থাৰ বাবে চৰকাৰী ৰে’লৱে আৰক্ষীৰ হাতত চমজাই দিয়া হয়।
মানৱীয় পদক্ষেপ অব্যাহত ৰাখি ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন ৰে’ল ষ্টেচনৰ পৰা ছয়জন লৰা আৰু এগৰাকী ছোৱালী শিশুসহ মুঠ সাত গৰাকী নাবালক-নাবালিকাক উদ্ধাৰ কৰি সুৰক্ষিতভাৱে সংশ্লিষ্ট শিশু কল্যাণ সমিতি আৰু চাইল্ড হেল্প ডেস্কৰ হাতত পুনৰ্বাসন আৰু তদাৰকৰ বাবে গতাই দিয়ে। সময়মতে গ্ৰহণ কৰা এই ব্যৱস্থাৰ ফলত অসুৰক্ষিত শিশুসকলক সম্ভাৱ্য শোষণৰ পৰা ৰক্ষা পৰাৰ লগতে তেওঁলোকৰ সুৰক্ষাও নিশ্চিত হয়। আন এক উল্লেখযোগ্য জনসেৱামূলক পদক্ষেপৰ দিশত ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে এটা ৰে’ল ষ্টেচনত অসুস্থ এজন বৃদ্ধ যাত্ৰীক তাৎক্ষণিক সহায় আগবঢ়ায়। উপলব্ধ নথিপত্ৰৰ সহায়ত যাত্ৰীজনৰ পৰিচয় নিশ্চিত কৰি তেওঁক প্ৰাথমিক চিকিৎসাৰ বাবে ৰে’লৱে স্বাস্থ্য গোটলৈ স্থানান্তৰ কৰা হয়। পৰৱৰ্তী সময়ত ৰেলৱে সুৰক্ষা বাহিনীৰ নিৰাপত্তাৰে ৰে’ল এম্বুলেন্সযোগে উন্নত চিকিৎসাৰ বাবে আধুনিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। লগতে যাত্ৰীজনৰ পৰিয়ালৰ সদস্যসকলকো তৎক্ষণাত অৱগত কৰা হয়।
ৰে’লৱে সুৰক্ষা বাহিনীৰ এই ধাৰাবাহিক পদক্ষেপসমূহে যাত্ৰীসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ নিশ্চিতকৰণ, ৰে’লৱে সম্পদৰ সুৰক্ষিতকৰণ লগতে নিৰাপদ ভ্ৰমণৰ পৰিৱেশ বজাই ৰখাৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দৃঢ় প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে। অনাগত দিনসমূহতো উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ নিৰীক্ষণ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লগতে অবৈধ কামকাজ প্ৰতিহত কৰি প্ৰয়োজনৰ সময়ত যাত্ৰীসকলক তাৎক্ষণিক সাহাৰ্য আগবঢ়োৱাৰ দিশত সদায় প্ৰতিশ্ৰুতিবদ্ধ।
