নিউজ ডেস্ক, ২৩ আগষ্ট, ২০২৬ : ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল মেচখন আজি অনুষ্ঠিত হ’ব৷ ভাৰতীয় ফুটবলৰ ইতিহাস আৰু সংস্কৃতিৰ প্ৰতীক তথা এছিয়াৰ আটাইতকৈ প্ৰাচীন লগতে বিশ্বৰ পঞ্চম পুৰণি ফুটবল (Football) প্ৰতিযোগিতাখনৰ খিতাপৰ বাবে অৱতীৰ্ণ হ’ব কলকাতাৰ দুই ক্লাব ইষ্ট বেংগল এফ চি আৰু মোহন বাগান ছুপাৰ জায়েণ্ট৷ স্থানীয় সময় অনুসৰি আবেলি পাঁচ বজাত কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত ফাইনেল মেচখন অনুষ্ঠিত হ’ব৷

ইতিমধ্যে কলকাতা ডাৰ্বিক লৈ ফুটবল জ্বৰত আক্ৰান্ত হৈছে চিটী অব জয়৷ খিতাপ দখলৰ স্বপ্ন লৈ উভয় দলৰ সমৰ্থক উৎহাসী৷ স্মৰ্তব্য যে কলকাতা ডাৰ্বি ভাৰতীয় ফুটবলৰ শ্ৰেষ্ঠ মেচ৷ এমাহৰ ভিতৰতে ছল্টলেকত দ্বিতীয়বাৰৰ বাবে কলকাতা ডাৰ্বি৷ উল্লেখ্য যে এইবাৰ ডুৰাণ্ড কাপ কলকাতা ডাৰ্বিৰেই আৰম্ভ হৈছিল৷ যোৱা ২৫ জুলাইত বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত ১৩৫ সংখ্যক ডুৰাণ্ড কাপৰ উদ্বোধনী মেচত ইষ্ট বেংগল এফ চি আৰু মোহন বাগান ছুপাৰ জায়েণ্ট দলেই অংশ লৈছিল৷ গ্ৰুপ ‘এ’ৰ সেই মেচত মোহন বাগানে আব্দুল ছামাদৰ একমাত্ৰ গলেৰে জয়লাভ কৰিছিল৷

মোহন বাগানে অপৰাজেয় জয়যাত্ৰা অব্যাহত ৰাখি ফাইনেললৈ অগ্ৰসৰ হৈছে৷ শ্বিলংৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হোৱা হাইভ’ল্টেজ প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত যোৱা দুটা ছিজনৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিক টাইব্ৰেকাৰত ৪-৩ গ’লত পৰাস্ত কৰি মোহন বাগানে ফাইনেলত প্ৰত্যাশিত স্থান নিশ্চিত কৰে৷ ফাইনেলৰ পূৰ্বে দলে খেলা ছখন মেচত মোহন বাগানে ১৬ টা গ’ল দিছে, এটা খাইছে৷ ইফালে, আই এছ এলৰ ডিফেণ্ডিং চেম্পিয়ন ইষ্ট বেংগল এফ চিয়ে প্ৰথম ছেমিফাইনেলত এফ চি দিল্লীক টাইব্ৰেকাৰতে পৰাস্ত কৰি খিতাপৰ যুঁজলৈ আত্মবিশ্বাসৰে আহিছে৷

প্ৰথম মেচত মোহন বাগানৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ বাদে পৰবৰ্তী সকলো মেচতে দলে অদমনীয় প্ৰদৰ্শন কৰিছে৷ সেই মেচতে দলে একমাত্ৰ গলটো হজম কৰাৰ বিপৰীতে পৰবৰ্তী পাঁচখন মেচত ১৪ টা গ’ল দিছে৷ মোহন বাগান ছুপাৰ জায়েণ্টে অভিলেখ সংখ্যক ১৭ বাৰ ডুৰাণ্ড কাপৰ খিতাপ দখল কৰিছে৷ বিপৰীতে ইষ্ট বেংগল এফ চি ডুৰাণ্ড কাপৰ ১৬ বাৰৰ চেম্পিয়ন৷ স্বাভাৱিকতে আজিৰ ফাইনেলৰ ফলাফলে প্ৰতিযোগিতাখনৰ আন এক অভিলেখ ৰছনা কৰিব৷ ডুৰাণ্ড কাপত দূয়োটা দল ১৩ বাৰ মুখামুখি হোৱাৰ লগতে পাঁচবাৰ ফাইনেল খেলিছে৷ অন্তিমবাৰৰ বাবে ২০২৩ ত হোৱা ফাইনেলত মোহন বাগানে শেষ হাঁহি মাৰিছিল৷

‘ইষ্ট বেংগল এটা শক্তিশালী দল৷ কিন্তু আমাৰ লক্ষ্য ৯০ মিনিট শ্ৰেষ্ঠ ফুটবল খেলা৷ দলটো অভিজ্ঞ৷ কিন্তু এনে মেচত কেবল অভিজ্ঞতাই সফলতা নিদিয়ে৷ মানসিক খেলে মেচৰ ফলাফল নিৰ্ণয় কৰিব৷ খেলপথাৰত কৰা এটা সৰু ভুলে সকলো শেষ কৰি পেলাব৷’ মোহন বাগানৰ প্ৰশিক্ষক ডিলমপেৰিছে কয়৷ ইফালে, ইষ্ট বেংগলৰ প্ৰশিক্ষক হাবাচে কয়, ‘মই দেখি আহিছো কলকাতা ডাৰ্বিক ভাৰতীয় ফুটবলপ্ৰেমীয়ে এখন বিশেষ মেচৰূপে গন্য কৰি আহিছে৷ কিন্তু আমি এয়া অন্য এখন মেচৰ দৰেই লৈ খেলপথাৰত নামিম৷ অতিৰিক্ত পন্থা অবলম্বন বা বিশেষ একো কৰাৰ প্ৰয়োজন নাই৷ কেবল আবেগ বৰ্জন কৰি খেলিব লাগিব৷’