নিউজ ডেস্ক, ২৪ আগষ্ট, ২০২৬ : মিজোৰামৰ ষ্ট্ৰাইকাৰ ইডমুণ্ড লালৰিনডিকাৰ হেট্ৰিকৰে ইষ্ট বেংগল এফ চিয়ে (East Bengal FC) ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে৷ কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত দেওবাৰে হোৱা ফাইনেল মেচখনত ইষ্ট বেংগল এফ চিয়ে ৪-১ গ’লত মোহন বাগান ছুপাৰ জায়েণ্টক বিধ্বস্ত কৰি খিতাপ জয় কৰে৷
খেলৰ প্ৰথমাৰ্ধতে ইষ্ট বেংগলে চাৰিটা গ’ল কৰি মোহন বাগানক আত্মসমৰ্পন কৰিবলৈ বাধ্য কৰায়৷ ১০ মিনিটত মনিপুৰৰ অভিজ্ঞ মিডফিল্ডাৰ বিপিন সিঙে প্ৰথমটো গ’ল কৰি ইষ্ট বেংগলক ১-০ ৰ অগ্ৰগতি দিয়াৰ পাছত ছল্টলেক ষ্টেডিয়ামত আৰম্ভ হয় ইডমুণ্ড লালৰিনডিকাৰ ধুমুহা৷ ১১ মিনিটত ইডমুণ্ডে প্ৰথমটো গ’ল কৰি ব্যৱধান ২-০ কৰাৰ পাছত উইংগাৰত খেলা মিডফিল্ডাৰজনে ২২ মিনিটত দ্বিতীয়টো গ’লৰে ইষ্ট বেংগলৰ অগ্ৰগতি ৩-০ কৰে৷
খেলৰ ৩৩ মিনিটত মোহন বাগানৰ হৈ মনবীৰ সিঙে গ’ল কৰি ব্যৱধান ৩-১ কৰাৰ পাছত ৪৪ মিনিটত ইডমুণ্ডে হেট্ৰিক গ’ল কৰি বিৰতিলৈ ইষ্ট বেংগলক ৪-১ ত আগুৱাই ৰাখে৷ উল্লেখ্য যে ২৭ বছৰীয়া ভাৰতীয় ফুটবল দলৰ সদস্য ইডমুণ্ড লালৰিনডিকাৰ কেৰিয়াৰৰ এয়া প্ৰথমটো হেট্ৰিক৷ যোৱা ছিজনত ইষ্ট বেংগলত যোগ দিছিল ইডমুণ্ডে৷ দলৰ নৱ নিযুক্ত স্পেনিছ প্ৰশিক্ষক এন্থোনিঅ’ লোপেজ হাবাছে মিজোৰামৰ যুৱ প্ৰতিভাবান ফুটবলাৰজনক ক্লাবলৈ লৈ আনিছিল৷ খেলৰ দ্বিতীয়াৰ্ধত মোহন বাগানে প্ৰত্যাৱৰ্তনৰ চেষ্টা কৰিছিল যদিও তিনি গ’ল পিছ পৰি থকা দলৰ খেলুৱৈসকল খেলপথাৰত হতাশ হৈ পৰিছিল৷
হাবাছৰ দলৰ প্ৰতিৰক্ষাক মোহন বাগানে প্ৰতিহত কৰিব নোৱাৰিলে৷ উল্লেখ্য যে ভাৰতীয় ফুটবলৰ ইতিহাস আৰু সংস্কৃতিৰ প্ৰতীক তথা এছিয়াৰ আটাইতকৈ প্ৰাচীন লগতে বিশ্বৰ পঞ্চম পুৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপত এয়া ইষ্ট বেংগলৰ ১৭ নম্বৰ খিতাপ জয়৷ দেওবাৰৰ সফলতাৰে দলে স্পৰ্শ কৰিলে সৰ্বাধিক অভিলেখ সংখ্যক ১৭ বাৰ ডুৰাণ্ড কাপৰ খিতাপ দখল মোহন বাগান ছুপাৰ জায়েণ্টক৷
