নিউজ ডেস্ক, ২৯ আগষ্ট, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰেলৱে (নিৰ্মাণ)ৰ মহাপ্ৰবন্ধক আশীষ বানচালে ২৭ আগষ্ট, তাৰিখে নিউ জলপাইগুড়ী (New Jalpaiguri) ৰেলৱে ষ্টেচনত নিৰ্মাণাধীন বিভিন্ন গুৰুত্বপূৰ্ণ আধুনিকীকৰণ আৰু পুনৰ্বিকাশৰ কাম-কাজৰ বিস্তৃত পৰিদৰ্শন কৰে। তেওঁৰ সৈতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ৰ (নিৰ্মাণ) জ্যেষ্ঠ বিষয়াবৰ্গ আৰু সংশ্লিষ্ট মণ্ডলৰ বিষয়াবৰ্গও উপস্থিত আছিল। 

পৰিদৰ্শনৰ সময়ত বানচালে ষ্টেচনটো আধুনিক, অত্যাধুনিক আৰু যাত্ৰী-অনুকূল ৰেলৱে সুবিধালৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা বিভিন্ন আন্তঃগাঁথনি আৰু যাত্ৰী সুবিধা সম্পৰ্কীয় কাম-কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰে। পৰিদৰ্শনৰ সময়ত বানচালে প্ৰকল্পটোৰ গুৰুত্বপূৰ্ণ অংশসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰে। ইয়াৰ ভিতৰত আগমন টাৰ্মিনেল ভৱন, প্ৰস্থান টাৰ্মিনেল, এলিভেটেড ৰোড, পডিয়াম পাৰ্কিং সুবিধা, এয়াৰ কনকোৰ্ছ, নতুন ফুট অভাৰ ব্ৰীজ , প্লেটফৰ্ম উন্নয়নৰ কাম-কাজ, ছাৰ্ফেচ ৰোড আৰু অন্যান্য আনুষংগিক যাত্ৰী সুবিধাসমূহ অন্তৰ্ভুক্ত আছে। 

পুনৰ্বিকাশ আঁচনিখনত উন্নত যান-বাহন চলাচল ব্যৱস্থা, নিৰ্দিষ্ট পাৰ্কিং সুবিধা, যাত্ৰীৰ ড্ৰপ-অফ এলেকা আৰু ষ্টেচনৰ বিভিন্ন সুবিধাৰ মাজত উন্নত সংযোগ ব্যৱস্থাও অন্তৰ্ভুক্ত কৰা হৈছে। বানচালে বিভিন্ন স্থানত কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় আৰু সুৰক্ষা আৰু গুণগত মানৰ প্ৰয়োজনীয় নিৰ্ধাৰিত মানদণ্ড বজাই ৰাখি ঘনিষ্ঠ নিৰীক্ষণ, ফলপ্ৰসূ সমন্বয় আৰু প্ৰকল্পটো সময়মতে সম্পূৰ্ণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সংশ্লিষ্ট বিষয়া আৰু কাৰ্যকৰী সংস্থাসমূহক চলি থকা কাম-কাজ ত্বৰান্বিত কৰাৰ লগতে নিৰ্ধাৰিত সময়সীমা অনুসৰি কাম সম্পূৰ্ণ কৰাটো নিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়া হয়।

নিউ জলপাইগুড়ী ৰেলৱে ষ্টেচনৰ ব্যাপক আধুনিকীকৰণৰ উদ্দেশ্য হৈছে যাত্ৰীসকলৰ সুবিধা, সহজ প্ৰৱেশযোগ্যতা আৰু সামগ্ৰিক ষ্টেচন অভিজ্ঞতা উল্লেখযোগ্যভাৱে উন্নত কৰা। এই প্ৰকল্পৰ জৰিয়তে আধুনিক আন্তঃগাঁথনি আৰু উন্নত সুবিধা প্ৰদান কৰা হ, যাৰ ফলত উত্তৰ বংগ আৰু উত্তৰ-পূৰ্বাঞ্চললৈ ৰেল যোগাযোগ অধিক সুগম হব আৰু এক গুৰুত্বপূৰ্ণ ৰেলৱে প্ৰৱেশদ্বাৰ হিচাপে নিউ জলপাইগুৰিৰ ভূমিকা অধিক বৃদ্ধি পাব। প্ৰকল্পটোৰ মাষ্টাৰ প্লেনত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ কাটিহাৰ মণ্ডলৰ অন্তৰ্গত নিউ জলপাইগুড়ী জংচন ৰেলৱে ষ্টেচনৰ বৃহৎ আধুনিকীকৰণ আৰু পুনৰ্বিকাশ অন্তৰ্ভুক্ত কৰা হৈছে।