শিৱসাগৰ, ৫ ছেপ্তেম্বৰ, ২০২৬ : আহোম স্বৰ্গদেউসকলৰ ঐতিহাসিক ৰাজধানী ৰংপুৰৰ গৌৰৱোজ্জ্বল স্মাৰক তলাতল ঘৰৰ বাকৰিত শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত কৰা হয়। যোৱা ২৩ আগষ্ট, ২০২৬ তাৰিখে নাজিৰাৰ এম চি ক্লাৱত সচেতন নাগৰিক সমাজৰ আহ্বানত অনুষ্ঠিত ‘উজনিৰ বিধ্বংসী বানৰ বিভীষিকা: বিজ্ঞানসন্মত বিশ্লেষণ আৰু ভৱিষ্যদৰ্শন’ শীৰ্ষক ৰাজহুৱা সভাৰ প্ৰস্তাৱ মৰ্মে গঠিত ‘পাটকাই সভ্যতা সুৰক্ষা সমন্বয় মঞ্চ’ (Patkai Civilization Protection Coordination Forum – PCPCF) ৰ লগতে ‘ৰূপহী জেৰেঙা সুৰক্ষা সমিতি’ আৰু ‘ৰংপুৰ প্ৰাচীন কীৰ্ত্তিচিহ্ন সংৰক্ষণ সমিতি’-ৰ বিষয়ববীয়াসকলে সংবাদমেল সম্বোধন কৰে।

সংবাদমেলৰ আৰম্ভণিতে বক্তব্য ৰাখি পাটকাই সভ্যতা সুৰক্ষা সমন্বয় মঞ্চৰ আহ্বায়ক দেবাংগ সৌৰভ গগৈয়ে স্পষ্ট কৰি দিয়ে যে, ‘পাটকাই সভ্যতা সুৰক্ষা সমন্বয় মঞ্চ’ কেৱল এটা ক্ষন্তেকীয়া আন্দোলন বা পৰিৱেশীয় প্ৰতিবাদ নহয়। ই পাটকাই পৰ্বতৰ পৰা গঢ়ি উঠা হাজাৰ বছৰ পুৰণি সভ্যতা, খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা, ভূমিপুত্ৰসকলৰ মাটি-ভেটি, জীৱিকা আৰু পাৰিপাৰ্শ্বিক সুৰক্ষা সুনিশ্চিত কৰিবলৈ গঠন কৰা এক বিজ্ঞানসন্মত গণ-মঞ্চ। তেওঁ কয় আমি এই মঞ্চৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোৰ সমভাৱাপন্ন পৰিৱেশ, ঐতিহ্য, ভূমি অধিকাৰৰ বাবে যুঁজ দি থকা সংগঠন তথা খিলঞ্জীয়াৰ অৰ্থনৈতিক কাৰ্যসূচী সমূহক একেটা ছাতিৰ তলত আনি হাতত হাত ধৰি আগুৱাব বিচাৰোঁ। সেই অনুসৰিয়েই আজি ৰূপহী জেৰেঙা সুৰক্ষা সমিতি আৰু ৰংপুৰ প্ৰাচীন কীৰ্ত্তিচিহ্ন সংৰক্ষণ সমিতিৰ সৈতে ৰংপুৰৰ বৃহত্তৰ অঞ্চলটোৰ ঐতিহ্য আৰু আৰ্থ সামাজিক দিশ সুৰক্ষাৰ বাবে আমি আগবাঢ়ি আহিছোঁ।

ইয়াৰ পিছতে আন এজন মঞ্চৰ আহ্বায়ক দীপজ্যোতি গগৈয়ে মঞ্চৰ কাৰ্যসূচী সম্পৰ্কে কয় যে, উজনি অসমৰ বান-খহনীয়া সমস্যাক বৈজ্ঞানিকভাৱে প্ৰতিহত কৰা, নদী নিয়ন্ত্ৰণৰ নামত চলি থকা ঠিকাদাৰ-কেন্দ্ৰিক দুৰ্নীতি বন্ধ কৰা, অবৈধ কয়লা খনন আৰু বিভাগীয় গাফিলতিৰ বাবে হোৱা দুৰ্যোগৰ দোষীক আইনী শাস্তি দিয়াৰ দাবীত সমগ্ৰ উজনি অসমৰ আঞ্চলিক সংগ্ৰামী শক্তিসমূহক একেলগ কৰি কাম কৰি যাব। তেওঁ জানিবলৈ দিয়ে যে এই সংগ্ৰামৰ অংশ হিচাপে জিলা আয়ুক্তৰ জৰিয়তে ৰূপহী পথাৰ, জেৰেঙা পথাৰৰ পানী নিষ্কাশন, নামদাঙৰ খনন, ৰংঘৰ, তলাতল ঘৰৰ সুৰক্ষাকে ধৰি ১০ দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰও ইতিমধ্যে প্ৰেৰণ কৰা হৈছে।

ৰূপহী জেৰেঙা সুৰক্ষা সমিতিৰ সম্পাদক মনোৰঞ্জন বৰগোহাঁইয়ে ৰূপহী পথাৰ, জেৰেঙা পথাৰ, ডিমৌ পথাৰ আৰু মেটেকা পথাৰৰ ভয়াৱহ আৱদ্ধ পানীৰ ছবি দাঙি ধৰি কয় যে, যোৱা ১৯ জুলাইৰ পৰা ডেৰ মাহতকৈও অধিক সময় পাৰ হৈ যোৱাৰ পিছতো অৱৰুদ্ধ পানীৰ জোকতলি, মেটেকা বনগাঁও, শলগুৰি মৌজাৰ কৃষিজীৱি সকলে খেতি কৰিব পৰা নাই। নিষ্কাশনৰ ব্যৱস্থা নোহোৱাৰ বাবে ঐতিহাসিক পথাৰকেইখন বানত বুৰি আছে। তেখেতে সমগ্ৰ অঞ্চলটোৰ বান নিষ্কাশনৰ বাবে নদী আৰু অৱবাহিকাবোৰৰ পুনৰোজ্জীৱিত কৰাৰ বিষয়েও উল্লেখ কৰে। ৰংপুৰ প্ৰাচীন কীৰ্ত্তিচিহ্ন সংৰক্ষণ সমিতিৰ সম্পাদক অনুপ গগৈয়ে তলাতল ঘৰ আৰু ৰংঘৰলৈ অহা অস্তিত্বৰ সংকটৰ বৰ্ণনা দি কয় যে, অনিয়ন্ত্ৰিত পানী জমা হোৱাৰ বাবে আমাৰ অমূল্য ঐতিহাসিক স্থাপত্যসমূহ ধ্বংসৰ মুখলৈ ঠেলি দিয়া হৈছে। আমাৰ সভ্যতা জীয়াই ৰাখিবলৈ হ’লে ঐতিহাসিক সম্পদ সমূহৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব।

সংবাদমেলত বিশিষ্ট বুৰঞ্জীবিদ জিতেন বৰপাত্ৰগোঁহাইয়ে বৃহত্তৰ ৰংপুৰ অঞ্চলটোৰ ঐতিহাসিক, ভৌগোলিক আৰু পাৰিপাৰ্শ্বিক দিশটোৰ ব্যাখ্যা কৰে। লগতে ইয়াৰ সংৰক্ষণৰ বাবে দাবী উত্থাপন কৰে। সংবাদমেল সম্বোধন কৰি আটাইকেইটা সংগঠনে একমুখে উল্লেখ কৰে যে আহোম স্বৰ্গদেউসকলে ৰংপুৰ নগৰৰ ব্যৱস্থা কৰোঁতে প্ৰাকৃতিক জল-নিষ্কাশন ব্যৱস্থা আৰু নদী-জলাশয়সমূহক সুন্দৰভাৱে সংৰক্ষণ কৰি ৰাখিছিল। কিন্তু বৰ্তমানৰ অনিয়ন্ত্ৰিত নিৰ্মাণ কাৰ্য, বেদখল আৰু চৰকাৰী গাফিলতিয়ে এই ঐতিহাসিক জলপথসমূহ ধ্বংস কৰি সমগ্ৰ ৰংপুৰৰে অস্তিত্ব বিপন্ন কৰি তুলিছে। সেয়েহে বিজ্ঞানসন্মত ব্যৱস্থাৰে এই ঐতিহ্য আৰু পৰিৱেশ ৰক্ষা কৰাটো জাতীয় দায়িত্ব।