নলবাৰী, ১৬ আগষ্টঃ নলবাৰীৰ ঘগ্ৰাপাৰ আৰক্ষীয়ে ভূৱা এনডিএফবিৰ নামত ধন দাবী কৰা অভিযোগত এজন লোকক আটক কৰে৷ প্ৰাপ্ত তথ্য মতে, ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত হাঁহধুলিৰ বৰুণ ৰাজবংশী নামৰ এগৰাকী এলআইচি এজেন্টক কোনো অজ্ঞাত লোকে ফোন যোগে এনডিএফবিৰ নামত ডেৰ লাখ টকা দাবী কৰি কৰে। ঘটনাৰ সন্দৰ্ভত বৰুণ ৰাজবংশীয়ে আৰক্ষীক অৱগত কৰোৱাত নলবাৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত ঘগ্ৰাপাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। বৰুণ ৰাজবংশীলৈ অহা মোবাইল নম্বৰ মৰ্মে আৰক্ষীয়ে তদন্ত চলাই নিশা নলবাৰীৰ চাপ্লেকুছিৰ সন্তু বহ্ম (২২) নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ জেৰাত যুৱকজনে এনডিএফবিৰ লগত সম্পৰ্ক থকা কথা অস্বীকাৰ কৰে যদিও এজেন্ট বৰুণ ৰাজবংশীক ধন দাবী কৰাৰ কথা স্বীকাৰ কৰে। ঘগ্ৰাপাৰ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত ১৩৬/১৭ নম্বৰত গোচৰ ৰুজু কৰে।