গুৱাহাটী, ১৬ আগষ্টঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে গুৱাহাটীৰ হেঙৰাবাৰীত জ্যেষ্ঠ নাগৰিক পৰিষদৰ এটা কার্যালয় উদ্বোধন কৰে। কার্যালয় মুকলি কৰি ভাষণ প্ৰসংগত মুখ্যমন্ত্রী সোণোৱালে কয় যে, জ্যেষ্ঠ নাগৰিক পৰিষদৰ কার্যালয় স্থাপনৰ ফলত সংগঠনটােৰ কাম-কাজ অধিক সুচলতৰ হ’ব। তেওঁ জ্যেষ্ঠ নাগৰিকৰ বাবে প্রতি বছৰে ১ অক্টোবৰত পালন কৰি অহা আন্তঃৰাষ্ট্ৰীয় দিৱস চলিত বৰ্ষত ৰাজ্যিক পর্যায়ত অনুষ্ঠিত কৰা হ’ব বুলি ঘোষনা কৰে আৰু আন্তঃৰাষ্ট্ৰীয় দিৱস সফল কৰাৰ বাবে জ্যেষ্ঠ নাগৰিক পৰিষদক অগ্রণী ভূমিকা গ্রহণ কৰিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয় যে, ভাৰতীয় সমাজ ব্যৱস্থাত জ্যেষ্ঠ নাগৰিকসকলক সদায়েই সন্মান প্রদর্শন কৰি অহা হৈছে আৰু সামাজিক মূল্যবােধক সুদৃঢ় কৰাৰ ক্ষেত্ৰত জ্যেষ্ঠ নাগৰিকসকলে এক পৰিচালিত শক্তি হিচাপে কাম কৰি আহিছে৷ সমাজৰ জ্যেষ্ঠ নাগৰিকসকলৰ ক্ষেত্ৰত চৰকাৰ সদায়ে দায়বদ্ধ যাতে তেওঁলোকে মর্যাদা সহকাৰে জীৱন নির্বাহ কৰি সমাজলৈ অৰিহণা আগবঢ়াব পাৰে। বর্তমান সময়ত নিজৰ সন্তানৰ দ্বাৰা বৃদ্ধ পিতৃ-মাতৃ অৱহেলিত হ’বলগীয়া ঘটনা সংঘটিত হৈ থকাত উদ্বিগ্নতা প্রকাশ কৰি মুখ্যমন্ত্রীয়ে কয় যে একবিংশ শতিকাত যদি কোনো ব্যক্তিয়ে পিতৃ-মাতৃক সন্মান দিব নিবিচাৰে আৰু জন্মদাতাক অৱহেলা কৰে, তেতিয়া হ’লে এখন মূল্যবােধ সম্পন্ন সমাজ গঢ়া সম্ভৱ নহয়। জ্যেষ্ঠ নাগৰিকক সন্মান প্রদর্শনৰ ক্ষেত্ৰত অসমে এক উদাহৰণ দাঙি ধৰিব লাগিব আৰু তেওঁলোকক সমাজত উচ্চ আসন দিব লাগিব। মুখ্যমন্ত্রীয়ে নতুন কার্যালয় স্থাপনে ৰাজ্যখনৰ জ্যেষ্ঠ নাগৰিকসকলক ৰাজহুৱা জীৱনৰ লগত সম্পর্কিত বিভিন্ন বিষয়ত মত-বিনিময়ৰ বাবে এখন প্লেটফৰ্ম প্রদান কৰিব বুলি আশা ব্যক্ত কৰে৷ তেওঁ কার্যালয়ৰ বিষয়ৱবীয়াসকলক জ্যেষ্ঠ নাগৰিকৰ বাবে চৰকাৰে গ্ৰহণ কৰিব পৰা ব্যৱস্থাসমূহ লিপিবদ্ধ কৰি মতামতসমূহ চৰকাৰলৈ প্রেৰণ কৰাৰ বাবেও আহ্বান জনাই যাতে চৰকাৰে এই দিশত ফলপ্রসূ পদক্ষেপ গ্রহণ কৰিব পাৰে। মুখ্যমন্ত্ৰীয়ে নতুন উদ্যম আৰু শক্তিৰে সামাজিক উন্নয়নৰ বাবে যুৱ শক্তিক জড়িত হােৱাৰ আহ্বান জনাই নৈতিক আৰু আধ্যাত্মিক মূল্যবােধৰ জৰিয়তে সামাজিক বিকাশ সম্ভৱ বুলি মত প্ৰকাশ কৰে৷ অনুষ্ঠানত গড়কাপ্টানী মন্ত্রী পৰিমল শুক্লবৈদ্য, সমাজ কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্রী নৱ কুমাৰ দলে, সাংসদ বিজয়া চক্ৰৱতী, মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, হাউচফেডৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ লগতে কেবাগৰাকী বিধায়ক উপস্থিত থাকে।