সংবাদ ৩৬৫ ডেস্ক, ৬ আগষ্টঃ কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতি কৰণ আৰু পৃথক কমতাপুৰ পুনৰ গঠনৰ দাবীত আক্ৰাছুৱে আহ্বান জনোৱা ৪৮ ঘণ্টীয়া অসম বন্ধৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৰ্বাত্মক প্ৰভাৱ পৰিছে৷ নামনি অসমকে ধৰি বিভিন্ন ঠাইত বন্ধৰ সমৰ্থকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ঠায়ে ঠায়ে হিংসাত্মক ঘটনাও সংঘটিত হৈছে৷ বিশেষকৈ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঠায়ে ঠায়ে আক্ৰাছুৰ সদস্যই টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ চাপৰৰ বহলপুৰত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত আক্ৰাছু কৰ্মীয়ে টায়াৰ জ্বলোৱাৰ লগতে গাড়ীলৈ শিলগুটি নিক্ষেপ কৰি যান-বাহন চলাচলত বাধা দিয়ে৷ বাক্সাৰ গোৰেশ্বৰতো বন্ধৰ সমৰ্থকে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰাৰ লগতে বিজেপি চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে৷