গুৱাহাটী, ১১ অক্টোবৰঃ গুৱাহাটীৰ লাল গণেশত আজি পুৱা এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ পুৱা প্ৰায় ৮.৩০ বজাৰ পৰা ৯ বজাৰ ভিতৰত ব্যক্তিজনৰ মৃতদেহটো উদ্ধাৰ কৰা হয়৷ বৰ্তমান ব্যক্তিজনক গুৱাহাটীৰ হায়াত হস্পিটেলত ৰখা হৈছে৷ ব্যক্তিজনৰ আত্মীয় স্বজন তথা পৰিয়ালৰ কোনো তথ্য বৰ্তমানলৈ লাভ কৰিব পৰা হোৱা নাই৷ ব্যক্তিজনৰ পৰিচিত লোকে দিছপুৰ আৰক্ষীৰ লগত যোগাযোগ কৰিব পাৰিব৷