বৰহাট, ১১ অক্টোবৰঃ চৰাইদেউৰ সোণাৰিৰ সাপেখাতী উন্নয়ন খণ্ডৰ বৰুৱাচালি মৌজাৰ অন্তৰ্গত বৰহাট-বৰুৱানগৰ সংযোগী ৬.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰুপশ্ৰী গড়কাপ্টানি পথত টিমন নদীৰ ওপৰত অৱস্থিত আৰচিচি দলঙৰ আলি সংযোগী অংশত সৃষ্টি হোৱা এটা প্ৰকাণ্ড গাঁতত যি কোনো মূহূৰ্তত দূৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত অঞ্চলবাসী শংকিত হৈ পৰিছিল৷ প্ৰশাসনক এই সন্দৰ্ভত অৱগত কৰাৰ পিছতো পথৰ অংশ মেৰামতিৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ স্থানীয় লোকে গড়কাপ্টানি বিভাগৰ চৰম গাফিলতি তথা অবৈজ্ঞানিক পদ্ধতিৰে দলংখন নিৰ্মাণ কৰাৰ লগতে পথৰ লগত সংলগ্ন অংশত নদীৰ পাৰ বন্ধাৰ ক্ষেত্ৰতো বিজ্ঞানসন্মত ভাৱে নিৰ্মাণ নকৰাৰ ফলতেই প্ৰকাণ্ড দ গাঁতৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন কৰিছিল৷ এই সন্দৰ্ভত সংবাদ ৩৬৫ত ২০ জুন, ২০১৭ত বাতৰি প্ৰকাশৰ পিছত বিভাগীয় কৰ্তৃপক্ষই পথটোৰ মেৰামতিৰ কাম আৰম্ভ কৰে৷ কিন্তু গড়কাপ্তানী বিভাগে পথৰ বিদ্ধস্ত অংশ মেৰামতি কৰাৰ নামত মাত্ৰ মাটিৰ বস্তাৰে গাঁতটো পোতাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ বিভাগীয় কৰ্তৃপক্ষই এই কাৰ্যই পথটো যাতায়তৰ কাৰণে অধিক বিপদজনকহে কৰি তুলিছে৷ বিশেষকৈ বৰষুণৰ বতৰত সৰ্বসাধাৰণ লোকৰ কাৰণে পথৰ ওপৰেদি যাতায়ত কৰাতো অধিক বিপদজনক হ’ব৷ স্থানীয় লোকে বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে পথটো উপযুক্ত পদ্ধতিৰে মেৰামতিৰ দাবী জনাইছে৷