সোণতলী, ১২ অক্টোবৰঃ শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰাৰ স্বাৰ্থত চৰকাৰে গুণোৎসৱ অনুষ্ঠিত কৰা সময়তে পুনৰ উন্মোচিত হৈছে ৰাজ্যৰ শিক্ষা বিভাগৰ ফোপোলা স্বৰূপ৷ গ্ৰামাঞ্চল তথা চৰাঞ্চলত একাংশ বিদ্যালয়ত টিনপাতৰ চালি বা মুকলি আকাশৰ তলতেই চলিছে পাঠদান৷ কোনো কোনো ঠাইত একেটা কোঠালিতেই দুই তিনিটাকৈ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে গ্ৰহণ কৰিবলগীয়া জীৱনৰ আদিপাঠ৷ তদুপৰি বিদ্যালয়ত ডেক্স বে়ঞ্চৰ অভাৱত মাটি, পাটি বা থৈলা বস্তাতেই বহিয়েই ছাত্ৰ ছাত্ৰীয়ে পাঠ গ্ৰহণ কৰিবলগীয়া হৈছে। কৰবাত যদি ছাত্ৰানুপাতে নাই শিক্ষক, আন কৰবাত আকৌ বিদ্যালয়ত উপস্থিত নাথাকে শিক্ষক৷ গুনোৎসৱৰ সময়তো বিদ্যালয় উপস্থিত থাকিবলৈ আহৰি নাই ৰাজ্যৰ বহু শিক্ষকৰ৷ দক্ষিণ কামৰূপৰ ছমৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত সোণতলীৰ বৰঘোল প্ৰাথমিক বিদ্যালয় তাৰেই এক জলন্ত উদাহৰণ৷ বিদ্যায়লয়খনৰ জৰাজীৰ্ণ টিনপাতৰ চালিৰ তলতেই চলি আছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ৷ একেটা কোঠালিতে তিনিটাক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে বহাৰ উপৰি আন একাংশই আকৌ ডেক্স বেঞ্চৰ অভাৱত মাটিতেই থৈলা বস্তা পাৰি পাঠ গ্ৰহণ কৰিবলগীয়া হৈছে৷ ১৯৭৯ চনত স্থাপিত হোৱা বিদ্যালয়খনত এজন শিক্ষকেই ৯৩ জন ছাত্ৰ ছাত্ৰীক পাঠদান কৰি আহিছিল। চলিত বৰ্ষৰ ছেপ্টেম্বৰত বাবুল চন্দ্ৰ দাস নামৰ অন্য এজন টেট শিক্ষকে বিদ্যালয়খনত যোগদান কৰে। দাসে বিদ্যালয়ত যোগদান কৰাৰ পিছৰে পৰা অনিয়মীয়াকৈ পাঠদান কৰাৰ অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ গুনোৎসৱ চলি থকা সময়তো দাস বিদ্যালয়ত অনুপস্থিত আছিল বুলি জানিব পৰা গৈছে। বিদ্যালয়ৰ পৰা ছুটি নোলোৱাকৈয়ে দাস অনুপস্থিত থকাৰ কথা প্ৰধান শিক্ষক আব্দুল কাদিৰ আহমেদে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাইছে যদিও বিভাগীয় কৰ্তৃপক্ষই ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।