বৰহাট, ১৭ নৱেম্বৰঃ চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰপাত্ৰ চাহ বাগিচাত এটা নাহৰফুটুকী আৱদ্ধ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ কিছুদিনধৰি দিল্লী সংৰক্ষিত বনাঞ্চলৰপৰা ওলাই আহি নাহৰফুটুকী বাঘে অঞ্চলটোত সন্ত্ৰাস চলাই আহিছিল৷ প্ৰাপ্ত খবৰ মতে, ১৫ নৱেম্বৰ গধূলি প্ৰায় ৫.৩০ বজাত বৰপাত্ৰ চাহ বাগিচাৰ মডেল লাইনৰ নিবাসী বুধুৱাৰ নামৰ এজন ব্যক্তিৰ পত্নীয়ে ঘৰৰ পাছফালে বাহিৰলৈ যাওঁতে বাঘটোৱে জাঁপ মাৰি খেদি আহোঁতে প্ৰায় ৩০ ফুট দ’ এটা কুঁৱাত পৰি আৱদ্ধ হয়৷ বাঘটোৱে চিঞৰ-বাখৰ কৰাত অঞ্চলবাসী শংকিত হৈ বাঘটোক চাবলৈ হেতা-ওপৰা লগায়৷ প্ৰায় সহস্ৰাধিক ৰাইজ গোট খাই যদিও বৰহাট আঞ্চলিক বনবিষয়া কাৰ্যালয়ৰ অন্তৰ্গত পাণবাৰীস্থিত খণ্ড বনবিষয়া বিজয় গোঁহাই ততালিকে ঘটনাস্থলীত উপস্থিত হৈ বৰহাট আৰক্ষী থানাৰ সহযোগত  বাঘটোক পানীৰপৰা উদ্ধাৰৰ চেষ্টা চলাই যদিও সফল নোহোৱাত উৰ্ধতম বিভাগীয় কৰ্তৃপক্ষৰ লগতে কাজিৰঙা অভয়াৰণ্যলৈ খবৰ কৰাত কাজিৰঙাৰ এটা সজাঁতি দল আহি বাঘটোক উদ্ধাৰৰ আপ্ৰাণ চেষ্টা চলায়৷ অৱশেষত দ’ কুঁৱাটোৰপৰা বাঘটো জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ বাঘটো উদ্ধাৰ কৰি বিভাগীয় কৰ্তৃপক্ষই পোন পোনে বৰহাট আঞ্চলিক বনবিষয়াৰ কাৰ্যালয়লৈ লৈ যায় যদিও বাতৰি প্ৰেৰণ কৰা পৰ্যন্ত বাঘটো পুনৰ কোন ঠাইত মুকলি কৰা হ’ব সেই কথা জানিবপৰা হোৱা নাই৷