মিৰ্জা, ২৪ নৱেম্বৰঃ  দক্ষিণ কামৰূপৰ বঙৰা আমৰতলত শুক্ৰবাৰে এক ভয়াৱহ পথ দুৰ্ঘটনা হয়। ট্ৰেভেলাৰ আৰু অল্ট গাড়ীৰ মুখামুখী সংঘৰ্ষৰ ফলত শিশুসহ ৮ জনকৈ লোক গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হয়। এএছ-০১-ইচি-০৭০৫ নম্বৰৰ ট্ৰেভেলাৰখনে এএছ-০১-বিজেদ-৫৬৬৭ নম্বৰৰ অল্ট গাড়ীখনক খুন্দা মৰাত গাড়ীখনত থকা শিশুসহ ৫ জনকৈ লোক গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত লোক সকলৰ মাজত দুগৰাকী মহিলাও আছে। গুৱাহাটীৰ নাৰেংগীৰ পৰা এখন বিয়া অনুষ্ঠানত ভাগ লৈ বকোৰ ছমৰীয়াৰ নিজ বাসগৃহলৈ উভতাৰ পথতে এই দুর্ঘটনা সংঘটিত হয়। গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখী ট্ৰেভেলাৰখনৰ প্ৰচণ্ড খুন্দাত অল্ট গাড়ীখনত থকা ৰাণী মজুমদাৰ(৩৬), বিৰেণ কলিতা(৪৫), বিজয় মজুমদাৰ, ৰিপুঞ্জয় মজুমদাৰ(১০) আৰু ৰঞ্জনা (৩৬)নামৰ যাত্ৰীসকলৰ অৱস্থা সংকতজনক বুলি জানিব পৰা গৈছে। আঘাতপ্ৰাপ্ত সকলো যাত্ৰীকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।  আনহাতে এই দুৰ্ঘটনাৰ ফলত ট্ৰেভেলাৰখনত থকা ৩ জনকৈ ব্যক্তি সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হৈছে। দুৰ্ঘটনাৰ ফলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে যান-যতৰো সৃষ্টি হয়।