গুৱাহাটী, ২৩ নৱেম্বৰ: মানুহে মানুহৰ বাবে, যদিহে অকনো নাভাবে………ভূপেন দাৰ এই কালজয়ী গীতৰ উৎকৃষ্ট নিদৰ্শন দাঙি দেখুৱালে ‘টিম হিউমিনিটি’ নামৰ এটা ফেচবুক গ্ৰুপে। অসমৰ বিভিন্ন প্ৰান্তৰ লোকে সন্নিবিষ্ট হৈ থকা এই গ্ৰুপটোৱে বৰ্তমানলৈকে বহু ৰোগীক তেজ প্ৰদান কৰি জীৱন দান দি আহিছে। আজি টিম হিউমিনিটিয়ে দুবছৰত ভৰি দিলে। মহানগৰীৰ বৃন্দাবন গাৰ্ডেনত অনুষ্ঠিত কৰা টীম হিউমিনিটী দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত ৰক্তদান আৰু সজাগতা সভাও আয়োজন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে দ্বিজেন ভট্টাচাৰ্য, বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকন, সাহিত্যিক ইছমাইল হুছেইন, টীম হিউমিনিটীৰ প্ৰতিষ্ঠাপক হেমন্ত মহন্ত, সঞ্জীৱনী হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ ভবেন চৌধাৰী, বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত, গুৱাহাটি উচ্চতম ন্যায়ালয়ৰ অধিবক্তা অতুল দিহিঙীয়াৰ লগতে টীম হিউমিনিটী সদস্য আৰু বহু সংখ্যক গন্য-মান্য ব্যক্তি। এই অনুষ্ঠানতে টীম হিউমিনিটীৰ শীৰ্ষক এটি সংগীত মুকলি কৰা হয়। মুকলি কৰে বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকনে। তদুপৰি এখন মুখপত্ৰ উন্মোচন কৰা হয় এই অনুষ্ঠানতে। উন্মোচন কৰে ইছমাইল হুছেইনে।