কাকপথাৰ, ২৯ নৱেম্বৰ: তিনিচুকীয়া জিলাৰ বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে বিভিন্ন ব্যক্তিক ধন দাবী কৰি সন্ত্ৰাস সৃষ্টি কৰি অহা দুৰ্ধষ আলফা(স্বা) সদস্য হিৰণ্য অসমক কালি ডুমডুমাত গ্ৰেপ্তাৰ কৰে৷ ভাৰতীয় সেনা, তিনিচুকীয়া আৰক্ষী আৰু ডুমডুমা আৰক্ষীৰ যুটীয়া অভিযানত সদস্য গৰাকীক গ্ৰেপ্তাৰ কৰা হয়৷ আলফা(স্বাঃ)ৰ নেতা ৰূপম অসমৰ নেতৃত্বত পাঁচজনীয়া এটা দলে তিনিচুকীয়া জিলাত ধন দাবী কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল৷ তাৰে অন্যতম সদস্য আছিল এই সদস্যগৰাকী৷ হিৰণ্য অসমৰ ঘৰ কাকপথাৰ থানাৰ অন্তৰ্গত হাতীগড়ত বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷