সোণাৰি, ৩০ নৱেম্বৰ: গ্ৰেটাৰ নাগালিম চুক্তি ফ্ৰেমৱৰ্ক ৰাজহুৱা কৰাৰ দাবীত ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে সোণাৰি। গ্ৰেটাৰ নাগালিমৰ তীব্ৰ বিৰোধিতা কৰি আদিবাসী সুৰক্ষা সমিতিৰ উদ্যোগত কৃষক মুক্তি সংগ্ৰাম সমিতি, আদিবাসী ছাত্ৰ সন্থা আৰু আটছাই চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সোণাৰি নগৰৰ পৰা বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰি উপায়ুক্ত কাৰ্যালয় ঘেৰাও কৰে। কেন্দ্ৰীয় চৰকাৰৰ অসৎ আৰু অবৈধ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাই সংগঠন কেইটায়ে।