ৰঙিয়া, ৩০ নৱেম্বৰ: ৰঙিয়া আৰক্ষীয়ে আটক কৰিলে এক গভাইত চোৰ । দীৰ্ঘদিন ধৰি মানুহৰ ঘৰৰ পৰা মূল্যৱান সামগ্ৰী চুৰি কৰি আহিছিল। অৱশেষত আৰক্ষীৰ জালত পৰিল ৰঙিয়া কাছাৰী শৌলমাৰীৰ চামনুৰ আলী। ৰঙিয়া অঞ্চলৰ ৰেষ, খাতেল পাৰাৰ ধীৰাজ লাহেৰী নামৰ ব্যক্তি এজনৰ ঘৰৰ পৰা যোৱা ১ নৱেম্বৰৰ নিশা এটা পানীৰ মটৰ চুৰি কৰিছিল। লাহেৰীৰ পৰিয়ালে চুৰি কাৰ্য দেখাৰ পিছত চমনুৰৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষী থানাত এক গোচৰ ৰুজু কৰাৰ পিছত বৃহস্পতিবাৰে ৰঙিয়া আৰক্ষীয়ে চামনুৰ আলীক আটক কৰিবলৈ সক্ষম হয়।