সোণতলী, ৪ জানুৱাৰী: দক্ষিণ কামৰূপৰ সোণতলী আৰক্ষী চকীৰ আন্তৰ্গত ৰঙাপানীৰ দলৱদ্ধ ধৰ্ষণৰ বলি হৈ মৃত্যু হোৱা কিশোৰী গৰাকীয়ে ২১ দিনে ন্যায় নোপোৱাত আৰক্ষীৰ অকৰ্মণ্যতাৰ বিৰুদ্ধে বৃহস্পতিবাৰে স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্থ কৰে। বকোৰ ৰাঙাপানীত ১৪ ডিচেম্বৰৰ নিশাৰ এদল পাষণ্ডই এটি দৰিদ্ৰ পৰিয়ালৰ সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক দলৱদ্ধ ধৰ্ষণ কৰি ছাত্ৰী গৰাকীক পেলাই গৈছিল পথৰ ওপৰত। পথৰ ওপৰৰ পৰা ছাত্রী গৰাকীক স্থানীয় ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও ২৩ ডিচেম্বৰ পুৱা ৭ঃ৩০ বজাত গুৱাহাটী মেডিকেল কলেজৰ আইচিইউত মৃত্যু হৈছিল ছাত্ৰী গৰাকীৰ। এই জঘন্য ঘটনাৰ ২১ দিন পাৰ হৈ যোৱাৰ পিছতো সোণতলী আৰক্ষীয়ে এজনো অপৰাধীক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত বৃহস্পতিবাৰে স্থানীয় দল সংঘঠন তথা ৰাইজে সোণতলী আৰক্ষী চকী ঘেৰাও কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰে। আনহাতে নিজৰ নাক ঢাকিবলৈ সোণতলী আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত এজন যুৱক তথা দুজন নাবালকক আটক কৰে যদিও গ্ৰেপ্তাৰ হোৱা নাই প্ৰকৃত দোষী। ৰাইজৰ অভিযোগ যে অপৰাধীৰে সোণতলী আৰক্ষীৰ গোপন বুজাবুজি থকাৰ বাবে গ্ৰেপ্তাৰ হোৱা নাই প্ৰকৃত অপৰাধী।