হোজাই, সংবাদ ৩৬৫, ১৬ জানুৱাৰীঃ  মধ্য অসমৰ হোজাইত সোমবাৰে নিশা বিদ্যুতৰ তাৰত লাগি এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু হয়। বন বিভাগৰ লোকে জানিবলৈ দিয়া মতে হোজাইত সোমবাৰে নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা বনৰীয়া হাতীৰ জাকে কেইবাজনো লোকৰ বাসগৃহ ভাঙি সন্ত্ৰাসৰ সৃষ্টি কৰে। নিশা বনৰীয়া হাতীৰ জাকটোৱে বীৰেন্দ্ৰ চৌহান নামৰ এজন লোকৰ বাসগৃহ ভাঙিবলৈ লওঁতে লোকজনৰ ঘৰত থকা বিদ্যুতৰ তাৰত লাগি এটা বনৰীয়া হাতীৰ মৃত্যু হয়। উল্লেখ্য যে হোজাই জিলাৰ বিভিন্ন অঞ্চলত যোৱা কিছুদিন ধৰি খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি বনৰীয়া হাতীৰ জাকে সন্ত্ৰাস চলাই আছে আৰু বন বিভাগক স্থানীয় ৰাইজে এই বিষয়ে অৱগত কৰোৱাৰ পিছতো বন বিভাগে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ তুলিছে ৰাইজে। ৰাইজৰ অভিযোগ বন বিভাগৰ অৱহেলাৰ ফলতে সোমবাৰে নিশা বনৰীয়া হাতীটোৰ এই কৰুণ মৃত্যু হয়। হাতীটোৰ মৃত্যুৰ পিছত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীটোৰ মৰণোত্ত পৰীক্ষা কৰে।