ৰঙিয়া, সংবাদ ৩৬৫, ৭ ফেব্ৰুৱাৰীঃ বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰীত এখন জৰাজীৰ্ণ দলংৰ পৰা পৰি এজন লোক গুৰুতৰভাৱে আহত হোৱাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। দলংৰ পৰা পৰি আহত হোৱা ব্যক্তি জনক সংকটজনক অৱস্থাত চিকিৎসালয়ত প্ৰেৰণ কৰা হয় যদিও দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত দুবৃত্তই জ্বলাই দিয়ে জৰাজীৰ্ণ দলংখন। স্থানীয় ৰাইজে অশেষ কষ্ট কৰি পিছত দলংখনৰ জুই নুমুৱাবলৈ দিয়ে। স্বাধীনতাৰ ৭১ বছৰ পিছতো তামুলপুৰৰ কলবাৰীত গাঁৱৰ পানী যোগান আঁচনিৰ সমীপত কেইবাখনো গাঁৱৰ ৰাইজ এখন জৰাজীৰ্ণ দলংৰ ওপৰেৰে যাতায়ত কৰিব লগীয়া হৈছে। স্থানীয় ৰাইজে জৰাজীৰ্ণ দলংখন পকীকৰণ কৰাৰ বাবে কেইবাবাৰো আবেদন নিবেদন কৰি আহিছে যদিও আজিকোপতি দলংখনৰ পকীকৰণ নোহোৱাত স্থানীয় ৰাইজ ক্ষোভিত হৈ আছে। নিৰ্বাচনৰ সময়ত নেতা পালিনেতা সকলে দলংখন পকীকৰণ কৰাৰ আশ্বাস দিয়ে যদিও নিৰ্বাচনৰ পিছত সেয়া ফুটুকাৰ ফেনত পৰিণত হোৱা পৰিলক্ষিত হৈছে। দলংখনৰ এনে জৰাজীৰ্ণ অৱস্থাৰ বাবে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈ কেইবাজনো লোক চিৰদিনৰ বাবে ঘুণীয়া হৈছে। বুধবাৰে পুনৰ এক দুৰ্ঘটনা সংঘটিত হয় এইখন জৰাজীৰ্ণ দলংখনৰ বাবে। জৰাজীৰ্ণ দলংখনেৰে এজন লোক পাৰ হৈ থকা অৱস্থাত হঠাৎ দলংখনৰ পৰা পৰি গুৰুতৰভাৱে আহত হয় লোকজন। গুৰুতৰভাৱে আহত লোকজনক স্থানীয় ৰাইজে ততালিকে চিকিৎসালয়ত ভৰ্তি কৰায় যদিও দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত দলংখনত কোনো দুবৃত্তই অগ্নি সংযোগ কৰে। দলংখন জ্বলি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজৰ মাজত হুৱা দুৱা লাগে ৰাইজে অশেষ চেষ্টা কৰি জুই নুমুৱাবলৈ সক্ষম হয়।