গুৱাহাটী, সংবাদ ৩৬৫, ৭ ফেব্ৰুৱাৰীঃ  বুধবাৰে মহানগৰীৰ বশিষ্ঠ চাৰিআলি সংঘটিত হয় এক ডকাইতিৰ ঘটনা। জানিব পৰা মতে মহানগৰীৰ বশিষ্ঠ চাৰিআলিৰ ভাৰতীয় ষ্টেট বেংকৰ ওচৰত থকা পেট্ৰল পাম্পৰ সন্মুখৰ পৰা দুজন লোকৰ পৰা ডকাইতে লুটি নিয়ে ১.৯০ হাজাৰ টকা। কলা ৰঙৰ পালছাৰ বাইকত অহা দুজন যুৱকে বাপ্পী দেৱনাথ আৰু মহিম দাস নামৰ দুজন লোকে বেংকৰ পৰা ১.৯০ হাজাৰ টকা উলিয়াই আহি থাকোঁতে তেওঁলোকৰ হাতত থকা টকাৰ বেগ লৈ পলায়ন কৰে। টকাৰ বেগ লৈ পলায়ন কৰা যুৱক দুজন খানাপাৰৰ ফালে তীব্ৰ গতিত বাইক লৈ পলায়ন কৰে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। ডকাইত দুজন অহা পালছাৰ বাইকখনত উত্তৰ প্ৰদেশৰ পঞ্জীয়ন নম্বৰ আছিল বুলি জানিব পৰা গৈছে। পালছাৰ বাইকখন চলাই থকা যুৱক জন গুলপীয়া ৰঙৰ গেঞ্জী পৰিধান কৰিছিল আৰু ঘটনা সংঘটিত হোৱাৰ সময়ত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত আছিল। এনে দৰে আৰক্ষীৰ সন্মুখতে দিনৰ পোহৰত মহানগৰীৰ মাজ মজিয়াত সংঘটিত হোৱা ডকাইতিৰ ঘটনাই অসম আৰক্ষীৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে।