চিৰাঙ, সংবাদ ৩৬৫, ৯ ফেব্ৰুৱাৰীঃ  সদৌ চাওতাল ছাত্ৰ সন্থাই শুক্ৰবাৰে পুৱা ৯ বজাৰ পৰা চিৰাঙৰ ছামঠাইবাৰীত ৩১ নং চি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্য্যসূচী ৰূপায়ন কৰে। চাওতাল সকলক জনজাতীকৰন, ভূমি পট্টা প্ৰদান, ভাষা বিষয়ৰ শিক্ষক আৰু পাঠ্যপুথিৰ দাবীত ৰাতিপুৱা ৯ বজাৰ পৰা ৬ ঘন্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্য্যসুচী ৰূপায়ন কৰে সদৌ চাওতাল ছাত্ৰ সন্থাই। অসমত বসবাস কৰা চাওতাল জনগোষ্ঠীক জনজাতীৰ মৰ্য্যাদা প্ৰদান কৰা, চাওতাল সকলৰ  “অসম ভূমি আইন ১৮৮৬” ৰূপায়ণ কৰি চাওতাল সকলৰ ভূমি সংৰক্ষণ কৰা, বনাঞ্চলত বসবাস কৰা চাওতাল সকলক “বনাঞ্চল নিবাসী আইন ২০০৬”  অধীনত ভূমি অধিকাৰ প্ৰদান কৰা আৰু ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচিত অন্তভূক্ত চাওতালী ভাষাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্য্যায়লৈ ভাষা শিক্ষকৰ নিযুক্তি প্ৰদান কৰা আৰু বিনামূলীয়া পাঠ্যপুথি যোগানকে ধৰি সাত দফীয়া দাবী লৈ শুক্ৰবাৰে চিৰাঙৰ ছামঠাইবাৰীৰ ৩১ নং (চি) ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত  সদৌ চাওতাল ছাত্ৰ সন্থাই ৬ ঘন্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্য্যসূচী ৰূপায়ণ কৰে।