মাৰ্ঘেৰিটাৰ পৰা ৰবীন শৰ্মা, সংবাদ ৩৬৫, ৯ ফেব্ৰুৱাৰীঃ  তিনিচুকীয়া জিলাৰ লেখাপানীৰ আৰক্ষী চকীৰ অন্তৰ্গত তিনিমাইলৰ যুৱ সংঘৰ কাৰ্যালয়ৰ কাষত শুক্ৰবাৰে পুৱা প্ৰায় ৮ বজাত এজন লোকে মাটি খান্দি থাকোতে মাটিৰ ভিতৰত এটা গ্ৰেণেড উদ্ধাৰ হোৱাত সমগ্ৰহ অঞ্চটোত চাঞ্চল্যৰ সৃষ্টি হয়। মাটিৰ ভিতৰৰ পৰা উদ্ধাৰ হোৱা গ্ৰেণেডটো বোকা আৰু মামৰে ধৰাত বহু বছৰ পুৰণা বুলি ধাৰণা কৰা হয় যদিও গ্ৰেণেডটোৰ মূৰত পিনটো লাগি থকাত সুৰ্ভাগক্ৰমে ৰক্ষা পৰে লোকজন। বৰ্তমান গ্ৰেণেডটো সক্ৰিয় হৈ আছে নে নাই আৰক্ষীয়ে পৰীক্ষা- নিৰীক্ষা কৰাৰ অন্ততহে জানিব পৰা যাব। কোনো উগ্ৰপন্থী সংগঠনৰ লোকে বহু বছৰ আগতে গ্ৰেণেডটো মাটিৰ ভিতৰত পুতি থোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে।