গুৱাহাটী, সংবাদ ৩৬৫, ১২ এপ্ৰিলঃ বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ উত্তৰ জ্যোতিনগৰস্থিত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত আহমদিয়া মুছলিম জামাতৰ উত্তৰ পূব শাখাই বিনামূলীয়া বহি আৰু কলম বিতৰণ কৰে। ছাত্ৰ ছাত্ৰী সকলৰ মাজত বহি আৰু কলম বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি আহমদিয়া মুছলিম জামাতৰ উত্তৰ পূব শাখাৰ দায়িত্বত থকা জাহৰুল হক কয় যে শিক্ষাই হল মানুহৰ মূল শক্তিৰ উৎস। সকলো স্তৰৰ মানুহৰ মাজত শিক্ষাৰ আগ্ৰহ বৃদ্ধি কৰাৰ উদ্দেশ্যে আহমদিয়া মুছলিম জামাতৰ ফলৰ পৰা ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থকা কেইবা হাজাৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিনামূলীয়া বহি আৰু কলম বিতৰণ কৰি থকা হৈছে। আহমদিয়া মুছলিম জামাতৰ অন্যান্য ৰাজ্য সমূহত বিনামূলীয়া বহি আৰু কলম বিতৰণ অনুষ্ঠানৰ অন্তৰ্গত উত্তৰ জ্যোতিনগৰ প্ৰাথমিক বিদ্যালয়টো ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিনামূলীয়া বহি আৰু কলম বিতৰণ কৰা হয়। জাহৰুল হকে ছাত্ৰ ছাত্ৰী সকলৰ মাজত বহি আৰু কলম বিতৰণ কৰি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে। বিনামূলীয়া বহি আৰু কলম বিতৰণ অনুষ্ঠানত উত্তৰ জ্যোতিনগৰ প্ৰাথমিক বিদ্যালয়ৰ সভাপতি নৱ কুমাৰ ভূঞা, বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী মিছ ছুৰাইয়া বেগম, বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকলৰ লগতে চৈয়দ ছাহজাহান শ্বা আৰু গফুৰ আলী উপস্থিত থাকে।