জোনমণি বেগম
বিশ্বনাথ : বিশ্বনাথত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। ডিঙি ৰেপি হত্যা দুটি সন্তানৰ মাতৃক। প্ৰথমে কাজিয়াৰ সূত্ৰপাত তাৰ পিছত নৃশংস হত্যা। ২৪ ঘন্টাৰ ভিতৰতে বিশ্বনাথ আৰক্ষীয়ে লাভ কৰিলে সাফল্য। বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে হত্যাকৰী প্ৰেমিকক।

পৰকীয়া প্ৰেমৰ এক ভয়ংকৰ পৰিণতি সংঘটিত হৈছে বিশ্বনাথত। পৰকীয়া প্ৰেমৰ বাবে মৃত্যুক সাবতি ল’বলগীয়া হ’ল বিশ্বনাথ জিলাৰ চতিয়া থানাৰ অন্তৰ্গত জয়পুৰৰ পপী বৰা নামৰ এগৰাকী মহিলাই। চতিয়াৰ জয়পুৰৰ পদুম মগৰৰ সৈতে কিছুবছৰ পূৰ্বে বিবাহ হৈছিল নাগশংকৰৰ নতেলিয়া গাঁৱৰ পপী বৰাৰ।

বিবাহৰ পিছত দুটাকৈ সন্তানৰ মাতৃ হৈও পপী বৰা পৰকীয়া প্ৰেমত লিপ্ত হৈছিল। চতিয়াৰ ননকে চেঙামাৰিৰ মানস গগৈ নামৰ বহিঃৰাজ্যত ব্যক্তিগত কোম্পানীত কৰ্মৰত যুৱকজনৰ সৈতে অবৈধ প্ৰেমত লিপ্ত হৈছিল পপী বৰা। কিন্তু পৰকীয়া প্ৰেমৰ যে ইমান ভয়ংকৰ পৰিণতি হ’ব পাৰে, হয়তো পপী বৰাই কাহানীও কল্পনা কৰা নাছিল।

গৰু বিহুৰ দিনাই পুৱা ঐতিহাসিক নাগশংকৰ দেৱালয়ৰ সমিপত উদ্ধাৰ হৈছিল পপী বৰাৰ মৃতদেহ।১৩ এপ্ৰিলৰ নিশা পপী বৰাৰ অবৈধ প্ৰেমিক মানস গগৈয়ে নৃশংসভাৱে ডিঙি ৰেপি হত্যা কৰি পেলেই থৈছিল নাগশংকৰ দেৱালয়ৰ সমিপত পপী বৰাৰ মৃতদেহ। প্ৰেমিক মানস গগৈৰ লগত পলাই যাবলৈ নিশা ঘৰৰ পৰা ওলাই আহিছিল পপী বৰা।

মানস গগৈয়ে কিন্তু পপী বৰাক নিবলৈ অমান্তি হৈছিল আৰু ইয়াকে কেন্দ্ৰ কৰি দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। অৱশেষত কাজিয়াই হত্যাকাণ্ডৰ ৰূপ লয়। মানস গগৈয়ে নাগশংকৰ দেৱালয়ৰ সমীপৰ পথৰ কাষত চোকা অস্ত্ৰৰে ডেঙি ৰেপি পপী বৰাক নৃশংসভাৱে হত্যা কৰি পেলাই থৈ যায় আৰু পৰৱৰ্তী সময়ত উদ্ধাৰ হয় পপী বৰাৰ মৃতদেহ।

মৃতদেহ উদ্ধাৰৰ পিছত বিশ্বনাথ আৰক্ষীয়ে বিজ্ঞানসন্মতভাৱে অনুসন্ধান চলাই ২৪ ঘন্টাৰ ভিতৰতে হত্যাৰ ৰহস্য উদঘাটন কৰিবলৈ সক্ষম হয়৷ বিশ্বনাথৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক নবীন সিঙৰ নেতৃত্বত অভিযানকাৰী আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় হত্যাকাৰী তথা পপী বৰাৰ অবৈধ প্ৰেমিক মানস গগৈক। আৰক্ষীয়ে পপী বৰাৰ হত্যাকণ্ডত ব্যৱহাৰ হোৱা চোকা অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।