গুৱাহাটী : অৱশেষত অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিলে মাৰোৱাৰী যুৱ মঞ্চই। বহু কাৰ্যসূচীত হনুমান জয়ন্তীৰ শোভাযাত্ৰা অন্তৰভুক্ত কৰিছিল মাৰোৱাৰী যুৱ মঞ্চই। ইয়াকে কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

মাৰোৱাৰী যুৱ মঞ্চৰ বিহু কাৰ্যসূচীকলৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মাৰোৱাৰী যুৱ মঞ্চৰ ডিব্ৰুগড় শাখাই বিহু কাৰ্যসূচীত হনুমান জয়ন্তীৰ এক শোভাযাত্ৰাৰ কাৰ্যসূচী অন্তৰ্ভুক্ত কৰিছিল আৰু ইয়াকেলৈ সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।

বিহু কাৰ্যসূচীত হনুমান জয়ন্তীৰ শোভাযাত্ৰাৰ কাৰ্যসূচী অন্তৰ্ভুক্ত কৰাৰ তীব্ৰ বিৰোধিতা কৰিছিল অসমবাসী ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে। ইয়াৰ পিছতে মাৰোৱাৰী যুৱ মঞ্চই এক পত্ৰযোগে অসমবাসী ৰাইজৰ পৰা ক্ষমা খুজিছে।