আজিজ আলী
মুকালমুৱা : মুকালমুৱাৰ এগৰাকী মহিলা সন্ধানহীন। তিনি বছৰীয়া কন্যা সন্তানৰ সৈতে সন্ধানহীন মুকালমুৱাৰ এগৰাকী মহিলা। তিনি বছৰীয়া নকন্যা সন্তানক লগত লৈ চিকিৎসালয়লৈ গৈছিল মহিলা গৰাকী। চিকিৎসালয়ৰ পৰা আৰু ঘৰলৈ ঘূৰি নাহিল মহিলা গৰাকী। 

নলবাৰী জিলাৰ মুকালমুৱাত তিনি বছৰীয়া সন্তানসহ এগৰাকী মহিলা সন্ধানহীন হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ৩ নম্বৰ বৰতলা গাঁৱৰ বৰষা দাস নামৰ মহিলা গৰাকী সন্তানসহ যোৱা ৯ জুনৰ দুপৰীয়াৰ পৰা সন্ধানহীন হৈ থকা বুলি মহিলা গৰাকীৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

উল্লেখ্য যে প্ৰায় তিনি বছৰ পূৰ্বে ৩ নম্বৰ বৰতলা গাঁৱৰ অভিজিত দাস নামৰ যুৱকজনে পৰিয়ালৰ সন্মতি সাপেক্ষে বৰষা দাসক বিয়া কৰি আনিছিল। দুয়োৰে যুগ্ম জীৱনৰ সাক্ষী স্বৰূপে প্ৰিয়াক্ষী দাস নামৰ কণমানি কন্যা সন্তানো তেওঁলোকৰ জীৱনলৈ আহিছিল। পৰিয়ালৰ লগত মুকালমুৱাস্থিত সামূহিক চিকিৎসালয়লৈ গৈ সন্তানসহ সন্ধানহীন হৈ পৰে বৰষা দাস।

তিনি বছৰীয়া সন্তানটিৰ সৈতে হঠাৎ ক’ত হেৰাল মহিলাগৰাকী ? ইতিমধ্যে দুৰ্ভাগীয়া পৰিয়ালটিয়ে মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানেও সন্ধান লাভ কৰা নাই মহিলা গৰাকীৰ লগতে তিনি বছৰীয়া সন্তানটিৰ। কোনো সদাশয় লোকে মহিলাগৰাকীক দেখা পালে ৬০০০৩৪৭১৪১ মোবাইল নম্বৰত দুৰ্ভগীয়া পৰিয়ালটোৰ সৈতে যোগাযোগ কৰিবলৈ পৰিয়ালটিয়ে আহ্বান জনাইছে।