গুৱাহাটী : কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ জৰুৰী বাৰ্তা। অপ্ৰয়োজনত ঘৰৰ বাহিৰলৈ ওলাই নাহিবলৈ গুৱাহাটীবাসী ৰাইজক আহ্বান কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ। ধাৰাষাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ এই জৰুৰী বাৰ্তা।

সোমাবাৰে নিশাৰ ভাগৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰী ডুব গৈছে কৃত্ৰিম বানপানীত। গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল বুৰাই পেলাইছে কৃত্ৰিম বানপানীয়ে। অনিল নগৰ, হাতীগাঁও, জু ৰোড, ৰুক্মিণীগাঁও একঁকাল পৰ্যন্ত পানীৰ তলত ডুব গৈছে। এই অঞ্চল সমূহত বহু লোকৰ ঘৰ এতিয়া কৃত্ৰিম বানপানীৰ কবলত।

ধাৰাষাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণক অনাকাংক্ষিত পৰিস্থিতিৰ পৰা ৰক্ষা কৰিবৰ বাবে অপ্ৰয়োজনত ৰাইজক ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিবৰ বাবে আহ্বান জনাইছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। ভূমিস্খলন প্ৰৱণ অঞ্চল আৰু জলমগ্ন এলেকাৰ পৰা নিৰাপদ স্থানত অৱস্থান কৰিবৰ বাবে ৰাইজক আহ্বান জনাইছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

কামৰূপ মহানগৰ জিলা উপায়ুক্তই যিকোনো জৰুৰী অৱস্থাৰ বাবে গুৱাহাটী ৰাজহ চক্ৰ বিষয়াক ৯৫০৮২-০৯৬৮৬ আৰু ফিল্ড অফিচাৰ গুৱাহাটীক ৯৭০৭৭-২৭৪২২ অথবা দিছপুৰ ৰাজহ চক্ৰ বিষয়াক ৮৩৭৬০-২৯৯৮৪ অথবা ফিল্ড অফিচাৰ দিছপুৰক ৮৮৭৬০-৮৬৪৮৮ নম্বৰৰ লগতে প্ৰশাসনৰ ট’ল ফ্ৰী নং ১০৭৭/৯৩৬৫৪-২৯৩১৪ নম্বৰত যোগাযোগ কৰাৰ আহ্বান জনাইছে। প্ৰশাসনে সকলো সময়তে ৰাইজক সহায় কৰিবলৈ প্ৰস্তুত বুলিও জানিবলৈ দিয়ে জিলা উপায়ুক্তই।