নুৰুদ্দিন

বিলাসীপাৰা

১০ জুন

বিলাসীপাৰা আৰক্ষী নিৱেশত সংঘটিত হৈছে এক ভয়ংকৰ অঘটন। আৰক্ষী নিৱেশৰ শৌচালয়ৰ ভিৰৰত এগৰাকী মহিলা আচামীয়ে চিপলৈ আত্মহত্যাৰ চেষ্টা চলায়। আৰক্ষীৰ দুৰ্বলতাৰ ফলতে এনে ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন হৈছে। ঘটনাক কেন্দ্ৰ কৰি বিলাসীপাৰাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

ধুবুৰী জিলাৰ বিলাসীপাৰাত এগৰাকী মহিলা আচামীয়ে চিপলৈ আত্মহত্যা চেষ্টা চলাইছে। বিলাসীপাৰা আৰক্ষী নিৱেশত সংঘটিত হৈছে এই ভয়ংকৰ অঘটন। আৰক্ষী নিৱেশৰ শৌচালায়ৰ ভিতৰত মহিলা আচামী গৰাকীয়ে চিপলৈ আত্মহত্যাৰ চেষ্টা চলায়। যোৱা ৬ জুলাই তাৰিখে নয়াহাট ভোলাৰ গাঁৱত স্বামী ছাদেক আলীৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল মমেনা খাতুন নামৰ মহিলা গৰাকীক।

স্বামীৰ হত্যাকাণ্ডৰ অভিযুক্ত চিপলৈ আত্মহত্যাৰ চেষ্টা চলোৱা আচামী মমেনা খাতুনৰ চিকিৎসাৰ বাবে বিলাসীপাৰা সহকাৰী স্বাস্থ্য কেন্দ্ৰত আৰক্ষীয়ে ভৰ্তি কৰে। আচামী মমেনা খাতুনৰ উন্নত চিকিৎসাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হৈছে বুলিও জানিব পৰা গৈছে।আৰক্ষীৰ দুৰ্বলতাৰ ফলতে এনে ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন হোৱাৰ লগতে ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বিলাসীপাৰাত।